NORTHEAST NOW (Assamese)

কম পইচাৰে ভাল ব্যৱসায় জুবিনৰ

July 19, 2018 11:13 pm · কল্পজ্যোতি শইকীয়া
Updated: July 20, 2018 3:33 pm
জুবিন গাৰ্গ। ফট’ উৎস : ইণ্টাৰ্নেট

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক কম পইচাতে ভাল বেপাৰ কৰা ব্যৱসায়ী বুলি মন্তব্য কৰিছে মুছলমানকো কাছ নাইবা গাহৰি কোৰবানি দি খাবলৈ ক’বলৈ জুবিন গাৰ্গক কিছুদিন পূৰ্বে প্ৰত্যাহ্বান জনোৱা কামাখ্যাৰ ‘পূজাৰী’ অনুপ প্ৰসাদ শৰ্মাই।

কাঞ্চনজংঘা নামৰ জুবিনৰ মুক্তি পাব লগা চিনেমাখনৰ প্ৰচাৰৰ বাবে বিশ্ব চেম্পিয়ন হিমা দাসৰ জনপ্ৰিয়তাক বিনা পইচাত ব্যৱহাৰ কৰা বুলি দাবী কৰি শৰ্মাই যুবিনৰ বিৰুদ্ধে এই অভিযোগ আনিছে। জুবিনে অসমৰ মানুহক ‘টুপী পিন্ধাইছে আৰু প্ৰচাৰৰ বাবে নিকৃষ্ট কৌশল অৱলম্বন’ কৰিছে বুলিও দাবী কৰিছে শৰ্মাই।

শৰ্মাৰ দাবী হিমাক গৰু মাংস খোৱাৰ পৰামৰ্শ দি সেই বিতৰ্ক কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে।

‘হিমা দাসৰ তাতে এতিয়া বেছিভাগ জনসাধাৰণৰ মনটো নিবদ্ধ হৈ আছে। গতিকে তেওঁ হিমা দাসক লৈয়ে ফ্ৰীকৈ প্ৰচাৰটো চলালে চিনেমাখনৰ,’ শৰ্মাৰ দাবী।

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে জুবিনৰ এইটো ‘সস্তীয়া বুদ্ধি‘ বুলি দাবী কৰি শৰ্মাই কয় ‘তেওঁ এজন ব্যৱসায়ী। তেওঁ কম পইছাত ভাল ব্যৱসায় কৰিব পাৰে। কাঞ্চনজংঘা প্ৰচাৰ কৰিলে নিশ্চয় পইচা খৰচ হ’ব, গতিকে সেই পইচা ৰাহি কৰাৰ এইটো এটা সহজ বুদ্ধি।’

কাঞ্চনজংঘা ফ্লপ হ’ব বুলি ভৱিষ্যতবাণী কৰি জুবিনে প্ৰচাৰৰ ‘নিকৃষ্ট কৌশল’ লোৱাৰ বাবে শৰ্মাই চিনেমাখন বৰ্জন কৰাৰো আহ্বান জনাইছে।

Related News