NORTHEAST NOW (Assamese)

কলাক্ষেত্ৰত আজি ‘অটল অমৃত অভিযান’ শুভাৰম্ভ কৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে

April 18, 2018 10:16 pm · এন ই নাও নিউজ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত এক অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অটল অমৃত অভিযান’ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

আঁচনিখনৰ শুভাৰম্ভ কৰি তেওঁ ৰাজ্যখনৰ ৯২ শতাংশ লোকৰ চিকিৎসা বীমা আগবঢ়োৱা অসম চৰকাৰৰ এই অভিযানক এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে অটল অমৃত অভিযানৰ জৰিয়তে যোগ্যতা সম্পন্ন পৰিয়ালৰ সদহ্যই ৬ টা জটিল ৰোগৰ বাবে ২ লাখ টকালৈকে চিকিৎসা ব্যয় লাভ কৰিব।

ভাষণ প্ৰসংগত নাইডুৱে ৰাষ্ট্ৰীয় স্তৰত নৱজাতকৰ মৃত্যুৰ হাৰ ৩৭ শতাংশৰ বিপৰীতে অসমত এই হাৰ ৪৪ শতাংশ হোৱা দিশটোৰ কথা উল্লেখ কৰি তেওঁ এই ব্যৱধান হ্ৰাস কৰাৰ বাবে সক্ৰিয় পদক্ষেপ ল’বলৈ আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত ১৯ খন কৰ্কট ৰোগ চিকিৎসালয় স্থাপনৰ বাবে টাটা ন্যাসৰ সৈতে ৰাজ্য চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে বুলি উল্লেখ কৰে। ইয়াৰোপৰি শৈল চিকিৎসা পদ্ধতিৰে ২৫ টা জন্মগত বিসংগতিৰ ৰোগ নিৰাময়ৰ বাবে ৰাজ্য চৰকাৰে ‘সামৰ্থ’ নামৰ এখন স্বাস্থ্য আঁচনি আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে।

আজিৰ উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়েও ভাষণ প্ৰদান কৰে।

Related News