অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থাৰে শীঘ্ৰেই এখন অধ্যাদেশ অনাৰ পোষকতা কৰিছে।
অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈ থকা অপৰাধৰ প্ৰসংগত নিজৰ চিন্তা ব্যক্ত কৰি শইকীয়াই লগতে কয় যে অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কমেও ছয়খন ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপন কৰা উচিত।
শইকীয়াই কয় যে যোৱা বাজেট অধিৱেশনৰ বিতৰ্কৰ সময়ত সদনত অসম কংগ্ৰেছ বিধায়িনী দলে মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু বিশেষকৈ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণৰ বিষয়ে আলোচনা কৰিবলৈ এক সভা স্থগিত প্ৰস্তাৱ আনিছিল।
‘’ মুখ্যমন্ত্ৰীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ মোকাবিলা কৰিবলৈ পৰৱৰ্তী অধিৱেসনত এখন কঠোৰ আইন অনাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে, এই পদক্ষেপ গ্ৰহণ কৰোতে কেইবামাহো সময় লাগিব আৰু ৰাজ্যখনত মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা ইমান বৃদ্ধি পাইছে যে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক হৈ পৰিছে,’’-শইকীয়াই কয়।
তেওঁ লগতে পৰামৰ্শ আগবঢ়ায় যে বিভিন্ন গোচৰৰ দ্বাৰা ইতিমধ্যে আদালতত ইমান বোজা বৃদ্ধি পাইছে যে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ৰাজ্যখনত কমেও ছয় বা সাতখন বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপন কৰা উচিত।
কেই সপ্তাহমান আগতে কংগ্ৰেছ বিধায়িনী দলৰ এক ১৮ জনীয়া সদস্যৰ দলে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি বিগত দুবছৰত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তথ্য দাঙি ধৰা হৈছিল যিখিনি সময়ত মহিলাৰ বিৰুদ্ধে ২৯২২৩ টা অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লিপিবদ্ধ হৈছে।
ইয়াৰ ভিতৰত ৩০০৯ টা ধৰ্ষণৰ ঘটনা, ১৭১০৬ টা শাৰীৰিক নিৰ্যাতন আৰু ৯১০৮ টা অপহৰণৰ ঘটনা আছে। ৯ টা ধৰ্ষণৰ ঘটনাত আক্ৰান্ত মহিলাগৰাকী হত্যাৰ বলি হৈছে।
‘’যোৱা বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত বিষয়টো উত্থাপন কৰাৰ সময়ত তেওঁলোকে বিষয়টো ফালৰি কটাই নিয়াৰ চেষ্টা কৰা দেখা গৈছিল যাৰ বাবে চৰকাৰক হেচা দিয়াৰ বাবে’’ ৰাজ্যপালৰ হস্তক্ষেপ বিচৰা হৈছিল।