NORTHEAST NOW (Assamese)

কলিয়াবৰত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ চাফাই অভিযান

July 27, 2018 11:18 pm · ৰিদিপ শৰ্মা

কলিয়াবৰত আৰক্ষী – প্ৰশাসনক প্ৰত্যাহ্বান জনাই দিনক দিনে বৃদ্ধি পাইছে চোৰৰ টিঘিলঘিলনী। এই কথা প্ৰমাণ কৰিছে কলিয়াবৰৰ হাটীগাঁৱত সংঘটিত এক চুৰিকাণ্ড ঘটনা আজি পোহৰ অহাটোৱে।

উল্লেখযোগ্য যে কলিয়াবৰৰ হাটীগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰবীণ বৰা আৰু বিবি বৰাৰ ঘৰৰ খিৰিকীৰ ৰ’ড ভাঙি প্ৰৱেশ কৰি চোৰে লুটি নিয়ে সোণৰ আ- অলংকাৰৰ লগতে নগদ ৫০,০০০ টকা।

চোৰে চুৰি কৰি নিয়া সামগ্ৰী সমূহৰ ভিতৰত আছে ক্ৰমে সোণৰ নেকলেচ ১ডাল, ফুলি এযোৰ, উকা চেইন ২ডাল, খাৰু পাঁচ পাত, আঙুঠি ৩ টা। আৰু চুৰি হোৱা সামগ্ৰীৰ মূল্য প্ৰায় ২ লক্ষাধিক টকাৰ হ’ব বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে।

আনহাতে কলিয়াবৰআৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈ চুৰিকাণ্ডৰ লগত জড়িত লোকৰ কোনো সম্ভেদ লাভ কৰা নাই।

ঘৰৰ গৰাকী প্ৰবীণ বৰাই জনোৱা অনুসৰি তেওঁৰ নিজা খুৰীয়েক ঢুকোৱাত আজি কাজৰ কৰ্মত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ গৃহৰ কিছু দূৰতে থকা ভায়েকৰ ঘৰলৈ সপৰিয়াল যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এইদৰে চুৰি কাণ্ড সংঘটিত কৰে।

Related News