NORTHEAST NOW (Assamese)

কলিয়াবৰৰ নিৰুদ্দিষ্ট নবীন গঞ্জুৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

June 30, 2018 8:52 pm · এন ই নাও নিউজ

কলিয়াবৰৰ সোণাৰি গাঁৱৰ নবীন গঞ্জু নাম(২৪)ৰ নামৰ এজন যুৱক যোৱা ২৭ জুনৰ পৰা নিৰুদ্দেশ হৈছে।

উল্লেখযোগ্য যে ২৭ জুনৰ দিনা পুৱা নবীন গঞ্জু ঘৰৰ পৰা উলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে। পিছত পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো শুং-সূত্ৰ নোপাৱাত জখলাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

অৱশ্যে আৰক্ষীয়েও এতিয়ালৈকে নিৰুদ্দেশ হৈ থকা নবীনৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ফলত পিতৃহীন নবীনৰ মাতৃ চতীয়া গঞ্জু পুত্ৰৰ সন্ধান নাপাই হতাশ হৈ পৰিছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সন্ধানহীন হোৱাৰ দিনা নবীনে এটা নীলা ছাৰ্ট আৰু হাফ পেণ্টা পিন্ধি আছিল। আৰু লগতে পৰিয়ালৰ লোকে নিৰুদ্দিষ্ট নবীনৰ কোনো লোকে সম্ভেদ পালে ৯৩৬৫৭৭১৯৩৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related News