NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱৰ আৰম্ভণি

December 31, 2017 4:52 pm · এন ই নাও নিউজ

পহিলা জানুৱাৰিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব লগীয়া জনপ্ৰিয় চানডুবি উৎসৱ এইবাৰ উদ্বোধন কৰিব বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবি অঞ্চলটোলৈ নৱ বৰ্ষৰ সময়ত যথেষ্ট লোকৰ সমাগম হয়। বিখ্যাত চানডুবি বিলৰ লগতে অঞ্চটোক পৰ্যটকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ উপৰি চানডুবি বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, জনজাতীয় কিস্তি সমূহক জনমানসত পৰিচিত কৰি দিয়াৰ উদ্দেশ্যে যোৱা কিছু বছৰৰ পৰা উক্ত উৎসৱৰ আয়োজন কৰি অহা হৈছে। ৫ দিনীয়া এই উৎসৱটোত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক কৃষ্টি, লোক নৃত্য আৰু বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে হাতীত উঠা, নাও চালনা তথা পৰম্পৰাগত খেলধেমালি আদি পৰিৱেশন কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনায়।আনহাতে উৎসৱটোক কেন্দ্ৰ কৰি পৰম্পৰাগত শৈলীৰে সজাই তোলা চাণ্ড সদাগৰ সুঁৱৰণি মঞ্চখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দিল্লীৰ নেচনেল স্কুল অব ড্ৰামাৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক পবিত্ৰ ৰাভাই।

 

Related News