কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

Venkaiah-Naidu

কাইলৈ দুদিনীয়া ভ্ৰমণ সূচী লৈ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু অসমত উপস্থিত হ’বহি। বিশেষ সূত্ৰই জনোৱামতে উপ-ৰাষ্ট্ৰপতিজনে ৰাজ্যখনত দুটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। অহা ৩ ডিচেম্বৰত সৰু সজাইত অনুষ্ঠিত সমাজ কল্যাণ বিভাগৰ এক অনুষ্ঠানত ভাগ লোৱাৰ লগতে কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া আন এক অনুষ্ঠনতো ভাগ ল’ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি হিচাপে নাইডুৰ এয়াই হ’ব প্ৰথমটো অসম ভ্ৰমণ। ইতিপূৰ্বে ৰাজ্যৰ ৰাজভৱন উপ-ৰাষ্ট্ৰপতিজনক আদৰিবলৈ সাজু হৈছে। বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে ৰাজভৱনলৈ যাব আৰু তাতে ৰাতিটো কটাব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।