NORTHEAST NOW (Assamese)

কাছাৰত এন আৰ চি কৰ্তৃপক্ষৰ উদ্ভট কাণ্ড : মাক-বাপেক নহয়, ৭ বছৰীয়া শিশুক কৰিলে ‘ঘোষিত বিদেশী’

July 21, 2018 6:11 pm · অপৰ্ণা লস্কৰ
Updated: July 21, 2018 6:15 pm
নবীন্দ্ৰ দাস আৰু তেওঁৰ পত্নীৰ সৈতে ৭ বছৰীয়া পুত্ৰ বিজয় দাস।

ৰাজ্যখনত ডি ভোটাৰ ত্ৰাস চলি থকাৰ মাজতে কাচাৰ জিলাৰ কাটিগৰা অঞ্চলত বিজয় দাস নামৰ এটি সাত বছৰীয়া শিশুৰ নামজ এন আৰ চি কৰ্তৃপক্ষই ‘ঘোষিত বিদেশী’ (declared foreigner)ৰ জাননী দিয়া কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে।

জানিব পৰামতে, বিজয় দাসৰ দেউতাক নবীন্দ্ৰ দাসৰ দুখীয়া পৰিয়ালটো ভাৰত-বাংলাদেশ সীমাৰ জালালপুৰ গাওঁ পঞ্চায়তৰ অধীনৰ ৰংপুৰ গাৱঁৰ আৰু সীমান্তৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত থকা চুবুৰিত কেইবা দশক ধৰি বাস কৰি আহিছে।

স্থানীয় লোকে জনোৱামতে, এন আৰ চিৰ বাবে প্ৰয়োজন হোৱা সকলো নথি নবীন্দ্ৰ দাসে ২০১৫ চনৰ ডিচেম্বৰত সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিছিল। ইয়াৰ মাজত বিজয় দাসৰ জন্মৰ প্ৰমাণপত্ৰখনো আছে, যিখন শিলচৰ মেডিকেল কলেজ আৰু হস্পিটেলে প্ৰদান কৰিছিল।

এন আৰ চি কৰ্তৃপক্ষই ‘ঘোষিত বিদেশী’ৰ জাননী দিয়া বিজয় দাসৰ জন্মৰ প্ৰমাণপত্ৰখন।

কিন্তু তাৰ পিছতো চূড়ান্ত খচৰা প্ৰকাশ হ’বলৈ মাত্ৰ ১০টা দিন থকা অৱস্থাত কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ বিজয় দাসক ‘ঘোষিত বিদেশী’ বুলি জাননী প্ৰেৰণ কৰে এন আৰ চি কৰ্তৃপক্ষই। এন আৰ চি কৰ্তৃপক্ষৰ এনে উদ্ভট কাণ্ডই এতিয়া শিশুটিৰ জীৱনলৈ কঢ়িয়াই আনিছে প্ৰচণ্ড হতাশা আৰু মানসিক যন্ত্ৰণা। শিশুটি বিদ্যালয়ত লগৰীয়াৰ মানসিক উৎপীড়নৰ লক্ষ্যও হৈ পৰিছে। তেওঁক লগৰ সকলোৱে বিদেশী বিদেশী বুলি জোকাবলৈ আৰম্ভ কৰিছে, যাৰ বাবেই বিদ্যালয়লৈ যাবলৈ মন নকৰা হৈছে। বিজয়ৰ মাক-দেউতাকৰো চিন্তাত টোপনি নোহোৱা হৈছে। আনহাতে এই অমানৱীয় ঘটনাই স্বাভাৱিকতে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তাৎপৰ্য্যপূৰ্ণ যে বিজয়ৰ মাক-দেউতাকৰ নামত এন আৰ চি কৰ্তৃপক্ষৰ পৰা কোনো জাননী অহা নাই।

নৰ্থ-ইষ্ট নাওৰ সৈতে কথা পাতোঁতে শিশুটিৰ দেউতাক নবীন্দ্ৰ দাসে কয়, “কি ক’ম আমাৰ মুখৰ মাত হেৰাই গৈছে। কাক লগ কৰিব লাগে আমি নাজানো, এইবোৰত হোৱা ভুল কেনেকৈ শুধৰাব লাগে নাজানো। মই মাছমাৰি জীৱিকা উলিয়াওঁ। দুয়োটা কাম কৰাটো মোৰ বাবে সম্ভৱ নহয়।”

আনহাতে কাটিগড়ৰ এন আৰ চি কৰ্তৃপক্ষয়ো যথাযথ কাৰণ দৰ্শাব পৰা নাই। তেওঁলোকে মাথো কৈ আছে যে কাৰোবাক বিদেশী হয় বা নহয় বুলি ক’ব পৰাকৈ তেওঁলোক ঊৰ্ধ্বতন মহল নহয়।

Related News