কাজিৰঙাত পৰ্যটনৰ বিকাশৰ বাবে তৎপৰ কেন্দ্ৰীয় চৰকাৰৰ : পৰ্যটন সচিব ৰশ্মি বাৰ্মা

Kaziranga-National-Park-Gate

দেশৰ ১০ খন আইকনিক ডেষ্টিনেচনৰ অন্যতম হিচাবে কাজিৰঙাই স্বীকৃতি পোৱাৰ পিছতে আজি কাজিৰঙা কঁহৰাত থকা বনবিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

কাজিৰঙাত পৰ্যটনৰ সমস্যাৰ সমাধান আৰু বিকাশৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনিৰ বাবে আলোচনা কৰা উদ্দেশ্যেৰে অসমৰ পৰ্যটন বিভাগে আয়োজন কৰা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব ৰশ্মি বাৰ্মাই কয় যে কাজিৰঙাক আন্তঃৰাষ্ট্ৰীয় মানৰ পৰ্যটন ক্ষেত্ৰৰূপে বিকাশৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই বিশেষজ্ঞ সমিতি গঠন কৰি কাজিৰঙালৈ প্ৰেৰণ কৰিব।

উক্ত সমিতিৰ পৰামৰ্শ মতেই কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাত পৰ্যটনৰ বিকাশৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দি বাৰ্মাই কয় যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰো বিশেষ দায়ীত্ব থাকিব।

তেওঁ লগতে কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে কাজিৰঙাত কিছু বাধ্যবাকতা থাকিলেও বনবিভাগৰ পৰামৰ্শৰে কাষৰীয় অঞ্চলত পৰ্যটনৰ বিকাশৰ বাবে কেন্দ্ৰই অচিৰেই পদক্ষেপ লব।

এই উদ্দেশ্যে কাজিৰঙাত পৰ্যটনৰ বিকাশৰ বাবে কাৰ্বি আংলং জিলা পৰিষদে ইতিমধ্যেই ১ হেজাৰ বিঘা মাটি পৰ্যটন বিভাগক দিছে বুলিও কেন্দ্ৰীয় সচিব গৰাকীয়ে জানিবলৈ দিয়ে।

সভাত ৰশ্মি বাৰ্মাৰ উপৰি কেন্দ্ৰীয় যুটীয়া সচিব সুমন বিল্লা, অসম চৰকাৰৰ পৰযটন বিভাগৰ সচিব ৰমেশ চান্দ জৈন, ইণ্ডিয়া টুৰিজিমৰ মাণ্ডলিক সঞ্চালক সুহিব চামাদৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদীপ বৰুৱা, বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাস উপস্থিত থাকে।

বৈঠকত জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ, পুনেন গগৈ, কাজিৰঙা হোটেলাৰ্চ এচোচিয়েচনৰ সভাপতি ফটিক বৰা, অসম গন পৰিষদ দলৰ বোকাখাত জিলা সভাপতি জগত কলিতা আদি ব্যক্তি সকলে কাজিৰঙাত পৰ্যটনৰ সমস্যাৰ ওপৰত দৃষ্টিপাত কৰি সমস্যা সমূহৰ সমাধানৰ বাবে আহ্বান জনায় ৷

অনুষ্ঠানটোত কাজিৰঙা জীপ চাফাৰী সন্থাৰ তৰফৰ পৰা বিশিষ্ট অতিথি সকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷