কাজিৰঙাত বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন কৰবেট ফাউণ্ডেইশ্যন আৰু সেউজ বাৰ্তাৰ

kaziranga

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো ২২ মে’ত ২৫ সংখ্যক বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস কৰবেট ফাউণ্ডেইশ্যন আৰু সেউজ বাৰ্তাৰ উদ্যোগত উদযাপন কৰা হয়৷

ডিৰিঙৰ কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত দিনজোৰা অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু লোকে হাতত ৰং-তুলিকা লৈ বিদ্যালয়খনৰ চৌপাশৰ বেৰত বন আৰু প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় বাৰ্তা থকা বিভিন্ন চিত্ৰ অংকণ কৰে৷ ছবি অঁকা কাৰ্যসূচীটো পৰিচালনা কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী পাপু ঘোষে৷

পৰিৱেশপ্ৰেমী, তথ্যচিত্ৰ নিৰ্মাতা প্ৰশান্ত বৰদলৈয়ে তেওঁৰ কিছুমান তথ্যচিত্ৰ প্ৰদৰ্শনেৰে জৈৱ বৈচিত্ৰ্যতা আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে৷

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়ত্ৰীৰ উপৰিও নগাওঁৰ প্ৰকৃতিবিদ, বন্যপ্ৰাণীৰ তথ্যচিত্ৰ নিৰ্মাতা প্ৰশান্ত বৰদলৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বন বিষয়া তৰুণ গগৈ, অৱসৰপ্ৰাপ্ত বন বিষয়া চিন্ময় ধৰ, ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, ‘সেউজ বাৰ্তা’ৰ সম্পাদক ববুল শৰ্মা, কৰবেট ফাউণ্ডে’শ্বনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, সাংবাদিক ধ্ৰুৱজ্যোতি সাহা, পলিমা চেতিয়া বসুমতাৰী, চন্দন ধৰ আৰু মনোজ প্ৰতীম শইকীয়া উপস্থিত আছিল।

অনুষ্ঠানটোৰ পৰা ছাত্ৰ-ছাত্ৰীসকল লাভৱান হ’ব বুলি শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকে মন্তব্য কৰে৷