NORTHEAST NOW (Assamese)

কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিৰ ১৫ হেজাৰ পশুধনক চবকা ৰোগ প্ৰতিষধক প্ৰদান

April 7, 2018 8:38 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাষৰীয় গাঁও বোৰৰ পশু ধনৰ চিকিৎসা অতি প্ৰয়োজনীয় ৷ সেয়েহে কাজিৰঙাৰ কৰ্তৃপক্ষই প্ৰত্যেক বছৰেই উদ্যানৰ কাষৰীয় গাঁও আৰু পূব দিশৰ ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰত থকা গৰু-ম’হৰ খুটিবোৰৰ পশুধনৰ কল্যাণৰ বাবে সময়ে সময়ে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈ আহিছে ৷

এই উদ্দেশ্যে পশু চিকিৎসা বিভাগৰ সহযোগত উদ্যান কৰ্তৃপক্ষই কাষৰীয় গাঁও আৰু চাপৰিবোৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ কৰা চবকা ৰোগ প্ৰতিষেধক প্ৰদান অভিযানৰ আজি সামৰণী পৰে ৷

দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ বিশেষ সহযোগত পশু চিকিৎসা বিভাগৰ লগত যৌথ ভাৱে চলোৱা এই অভিযানেৰে কাজিৰঙা কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি আৰু কহঁৰা ৰেঞ্জৰ ৩৫ খন গাওঁ আৰু ৫ টা চাপৰিৰ ৮৫২৬ টা পশুধন, বাগৰি ৰেঞ্জৰ ২২ খন গাঁৱৰ ৪০৪৪ টা পশুধন আৰু বুঢ়াপাহাৰ ৰেঞ্জৰ মুঠ ২০ খন গাঁৱৰ ২৫৯৬ টা পশুধনকেলৈ সৰ্বমুঠ ১৫১৬৬ টা পশুধনক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰে ৷

প্ৰায় ডেৰ মাহ ধৰি চলা এই অভিযানক অতি গুৰুত্বপূৰ্ণ আৰু বৃহৎ অভিযান বুলি মন্তব্য কৰি কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই কয়, ‘এই অভিযানেৰে আমি কাজিৰঙাৰ কাষৰীয় জনসাধাৰণৰ পশুধনৰ কল্যাণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত থকা বিৰল বন্যপ্ৰাণীকো ৰোগৰ পৰা নিৰাপত্তা প্ৰদান কৰিব পাৰিছো ৷’

Related News