কাজিৰঙাৰ বন কৰ্মচাৰীৰ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মচাৰী কল্যাণ সমিতিৰ সম্বৰ্ধনা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী কল্যান সমিতিৰ উদ্যোগত ৫ জুলাইত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বন কৰ্মচাৰীৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ সন্তানক সম্বৰ্ধনা জনোৱা হয়।
কৃতি ছাত্ৰ-ছাত্ৰীসকলক কৰ্মচাৰী কল্যাণ সমিতিৰ তৰফৰ পৰা মানপত্ৰ, ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰ লগতে নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত কাজিৰঙাৰ বন সংৰক্ষক জৰ্জে আহমেদ, ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চলিক বিষয়া সকলৰ উপৰিও জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, নীলপদ্ম শৰ্মা আৰু ধ্ৰুৱজ্যোতি সাহা উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে গীতাঞ্জলি কলিতাই।
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত প্ৰতি বছৰেই উদ্যানত কৰ্মৰত বন কৰ্মচাৰী সকলৰ কীৰ্তিমান সন্তান সকলক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।