পূব নাগালেণ্ডৰ অন্তৰ্গত ৭টা কৈ নাগা সংগঠনে সুকীয়া সীমান্ত নাগালেণ্ডৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে। ২০১২চনৰ ২৪ আগষ্টৰ সুকীয়া ৰাজ্যৰ দাবীৰ সৈতে কোনো আপোচ নকৰাৰ প্ৰস্তাৱৰ স্থিতিত অটল থাকি সংগঠনকেইটাই কয় যে সুকীয়া ৰাজ্যৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।
সংগঠনকেইটাই প্ৰকাশ কৰিছে যে ইষ্টাৰ্ন নাগালেণ্ড পীপল্ছ অৰ্গেনাইজেশ্যনৰ পৃষ্ঠপোষকতাত সুকীয়া বিধানসভাৰ অন্যথাই পূব নাগালেণ্ডৰ লোকসকল সন্তুষ্ট নহয়।
চলিত বৰ্ষৰ ৩ জুলাইত মন জিলাৰ প্ৰধান কাৰ্যালয়ত অনুষ্ঠিত যুটীয়া বৈঠকত পূব নাগালেণ্ডৰ ৭টা সংগঠন- চাং খুলেই ছেটশ্বাং, খিয়ামনিউংগান ট্ৰাইবেল কাউঞ্চিল, কনিয়াক য়ুনিয়ন, ফোম পীপল্ছ কাউঞ্চিল, য়ুনাইটেড ছাংটাম লিখম পুমজি, য়িমচুংগাৰ ট্ৰাইবেল কাউঞ্চিল, ইষ্টাৰ্ন নাগালেণ্ড পীপল্ছ অৰ্গেনাইজেশ্যন আৰু ইষ্টাৰ্ন নাগালেণ্ড ষ্টুডেণ্টছ য়ুনিয়নে যোগদান কৰে।
সংগঠনসমূহৰ সভাপতিসকলৰ দ্বাৰা স্বাক্ষৰিত যুটীয়া বিজ্ঞপ্তিটোত কোৱা হৈছে যে কোনো সংগঠন বা ব্যক্তিয়ে এটা শক্তিশালী প্ৰস্তাব মৰ্মে আন্দোলনটোৰ (বাহিৰ বা ভিতৰৰ পপৰা) ক্ষতি হ’ব পৰা কাম কৰিলে বা ইষ্টাৰ্ন নাগালেণ্ড পীপল্ছ অৰ্গেনাইজেশ্যন নেতাসকল বা জনজাতীয় আৰু আগশাৰীৰ সংগঠনসমূহৰ নেতাসকলক কোনো ব্যক্তি বা সংগঠনে যিকোনো প্ৰকাৰে ভাবুকি প্ৰদান কৰাটো পূব নাগালেণ্ডৰ জনসাধাৰণে কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিৰূদ্ধে উপযুক্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।