কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত হাতীৰ আক্ৰমণত নিহত এজন বনকৰ্মী

বনকর্মী

হাতীৰ আক্রমণত নিহত বনকর্মী গনেস নেৱাৰ। ফটো : উত্তম শইকীয়া

ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গড়পাল বনশিৱিৰ এলেকাত কৰ্মৰত অৱস্থাতে এজন বনকৰ্মীক সোমবাৰে নিশা হাতীয়ে আক্ৰমণ কৰি নিহত কৰে ৷ যোৱা নিশা বনাঞ্চলত সহকৰ্মীৰে পহৰা দি থকা অৱস্থাতে হাতীৰ আক্ৰমণত মৃত্যু হয় গনেশ নেৱাৰ নামৰ অস্থায়ী বনকৰ্মী জনৰ ৷

কৰ্মৰত অৱস্থাতে বনকৰ্মী গনেশ নেৱাৰ আৰু তেওঁ সহকৰ্মীৰ দলটো হাতীৰ এটা জাকৰ সৈতে মুখামুখি হয় ৷ হাতীৰ জাকটোৱে বনকৰ্মীৰ দলটোক আক্ৰমণ কৰাত গনেশ নেৱাৰৰ বাদে বাকী বনকৰ্মী কেইজন পলাবলৈ সক্ষম হয় যদিও গনেশ নেৱাৰক হাতীয়ে আক্ৰমণ কৰি বেয়াকৈ আঘাত কৰে ৷

হাতীৰ আক্ৰমণত গনেশ নেৱাৰ থিতাতে নিহত হয় ৷ জানিব পৰা মতে নিহত বন কৰ্মীজনৰ ঘৰ চতিয়াৰ গড়পালত ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গড়পাল বন শিবিৰত কৰ্মৰত আছিল নিহত গনেশ নেৱাৰ৷

উল্লেখযোগ্য যে কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত হাতী-মানুহৰ সংঘাতৰ বাতৰি প্ৰায়ে পোৱা যায়। অভয়াৰণ্যখনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ সৈতে উপকণ্ঠ অঞ্চলত বসবাস কৰা লোকসকলৰ সংঘাত পূৰ্বৰে পৰা চলি আহিছে।

আনহাতে, বনাঞ্চলৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মী এগৰাকী এনেদৰে হাতীৰ আক্ৰমণত নিহত হোৱাৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে।