কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত বনকৰ্মী আহত

গঁড়ৰ আক্ৰমণত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজন বনকৰ্মী আঘাটপ্ৰাপ্ত হ’বলগীয়া হয়। চবিৰ আহমেদ লস্কৰ নামৰ বনকৰ্মীজনে কাজিৰঙা উদ্যানৰ কাঠনি বাৰী বনশিৱিৰ এলেকাত সহকৰ্মীৰে সৈতে কৰ্মৰত অৱস্থাত থাকোঁতে গঁড়ে আক্ৰমন কৰি গুৰুত্বৰভাৱে আহত কৰে।

প্ৰাপ্ত তথ্য মতে কহঁৰা বনাঞ্চলৰ হোলালপাট বনশিবিৰৰ বনকৰ্মী চবিৰ আহেমেদ লস্কৰে ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ আৰু সহকৰ্মীৰে সৈতে কাঠনিবাৰী অঞ্চল পৰিদৰ্শ কৰি থকা সময়তে গঁড়টোৱে তেওঁক আক্ৰমণ কৰে।

অৱশ্যে গঁড়ৰ আক্ৰমণৰ পৰা বনকৰ্মী গৰাকীৰ লগত থকা তেওঁৰ সহকৰ্মী কেইজন পলায় সাৰিবলৈ সক্ষম হয়।

আহত বনকৰ্মীজনক তাৎক্ষনিকভাৱে বোকাখাত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদাযলয়লৈ প্ৰেৰণ কৰা হয় ৷

চবিৰ আহমেদ লস্কৰৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে ৷