NORTHEAST NOW (Assamese)

কামাখ্যাত অম্বুবাচী : দেশ-বিদেশৰ লক্ষাধিক ভক্তৰ সমাগমেৰে দ্বিতীয় দিনাও উখল-মাখল নীলাচল

June 23, 2018 10:44 pm · অনিৰ্বাণ পাঠক

যোৱা নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পাছত আজি দ্বিতীয়টো দিন। অম্বুবাচী মেলা উপলক্ষে আজি দ্বীতিয় দিনাও উখল-মাখল পৰিৱেশ দেখা গ’ল নীলাচলৰ বুকুত। দেৱীৰ আশীৰ্বাদ ল’বলৈ ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হয়। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ উপৰি বিদেশৰ পৰাও যথেষ্ট সংখ্যক ভক্ত আহি ভাগ লৈছে অম্বুবাসী মেলাত।

কালি অম্বুবাসীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ কৰি দিয়া হয় কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। ইয়াৰ পাছৰে পৰা ভক্তসকলে মন্দিৰৰ বাহিৰতে ৰৈ দেৱীৰ দৰ্শনৰ বাবে অপেক্ষা কৰা দেখা যায়। দেৱীৰ আশিস বিচাৰি অহা ভক্তসকলে মন্ত্ৰোচ্চাৰণ, দেৱীবন্দনা, শংখ-ঘন্টা-পেঁপা আদি বাদ্য বজাই শক্তিৰ আৰাধনা কৰা পৰিলক্ষিত হয়।

শক্তিৰ আৰাধনাৰ বাবে শক্তিপীঠত আহি ভিৰ কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ বহু সংখ্যকেই প্ৰতিবছৰে এই অম্বুবাচী মেলালৈ অহা বুলি জানিবলৈ দিয়ে। আনহাতে অম্বুবাচী মেলা উপলক্ষে কামাখ্যা মন্দিৰত উপস্থিত হৈছে নেপাল, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশৰ পৰাও বহুকেইগৰাকী ভক্ত। কানাডাৰ পৰা অহা এগৰাকী ভক্তই কয় যে তেওঁ তিনিবছৰ ধৰি অম্বুবাচী মেলালৈ আহি আছে। এই মেলালৈ আহি তেওঁ মানসিক প্ৰশান্তি লাভ কৰে বুলি কয়।

অম্বুবাচী মেলাৰ বাবে জিলা প্ৰশাসনৰ লগতে দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিৰাপত্তাৰ দাযিত্বত নিয়োজিত কৰাৰ সমান্তৰালকৈ স্কাউট-গাইড, এন চি চি আৰু স্বেচ্ছাসেৱক বাহিনী নিয়োগ কৰা হৈছে। নীলাচলৰ তলৰ পৰা ওপৰলৈ ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষী আৰু অন্যান্য সেৱকসকলৰ অহৰহ প্ৰচেষ্টাত বৰ্তমানলৈ আইন-শৃংখলা সুন্দৰভাৱে পৰিলক্ষিত হৈ আছে।

ইপিনে, ভক্তসকলক ব্যক্তিগত বাহনসমুহ নীলাচল পাহাৰৰ ওপৰলৈ নিবলৈ নিদিয়াৰ বাবেই যান-বাহন সুন্দৰভাৱেই নিয়ন্ত্ৰণ হৈছে। অৱশ্যে চৰকাৰে শিশু, বৃদ্ধ আৰু দিব্যাংগসকলৰ পৰিবহণৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিছে যদিও ভক্তৰ সমাগম অনুপাতে সেয়া যথেষ্ট কম। যাৰ ফলত কষ্টৰ সন্মুখীন হৈছে বহু শিশু আৰু বৃদ্ধলোক। বেছিসংখ্যক যাত্ৰীয়েই এ টি ৰ’ডৰ পৰা কামাখ্যা মন্দিৰলৈ গাড়ী যোৱা পখ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়ি অহাযোৱা কৰা দেখা গৈছে।

Related News