কামাখ্যা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে ২৫ কোটি ব্যয়ৰে নিৰ্মাণ কৰিব ৰ’পৱে

Ropeway

প্ৰতিনিধিত্বমূলক চিত্ৰ

কামাখ্যা মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে তথা আকৰ্ষণৰ কেন্দ্ৰস্থলী হিচাপে গঢ়ি তোলাৰ বাবে  নীলাচল পাহাৰত ৰ’পৱে স্থাপন কৰিব ৰাজ্য চৰকাৰে। দুই এদিনতে আহ্বান কৰা হ’ব প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই কামৰ নিবিদা। ৰাজ্যৰ পৰ্যটন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিছে।

মন্ত্ৰী শৰ্মাই ব্ৰহ্মপুত্ৰ অশোক হোটেলৰ কৰ্মচাৰীক অৱসৰকালীন ভাট্টা প্ৰদান তথা অসম পৰ্যটন উন্নয়ন নিগমৰ বাৰ্ষিক প্ৰতিবেদন মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা জনায়। কামাখ্যাৰ তলৰ পৰা মন্দিৰ চৌহদলৈ নিৰ্মাণ কৰিবলগীয়া এই ৰ’পৱেৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব দৰ্শনাৰ্থীসকল।

তদুপৰি, চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ৰ’পৱেৰ কাম সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰাৰ লগতে ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ বাবে এই ৰ’পৱে মুকলি কৰি দিয়া হ’ব।

আনহাতে উক্ত অনুষ্ঠানতে মন্ত্ৰী শৰ্মাই জনায় যে বিশ্ববেংকৰ জৰিয়তে প্ৰায় ৭৩০ কোটিটকীয়া এখন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ বাবেও পৰ্যটন বিভাগে প্ৰায়বোৰ যাৱতীয় কাম আৰম্ভ কৰিছে।

উক্ত আঁচনিৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰা হ’ব। ইয়াৰ উপৰি অসম পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিজ্ঞাপনৰ নামত চলিত বৰ্ষত পুঁজিৰ পৰিমাণ ৰাজ্য চৰকাৰে পূৰ্বৰ ১৫-১৬ কোটি টকাৰ পৰিৱৰ্তে ২৫ কোটি টকালৈ বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে। ইফালে আন্তঃগাঁথনি উন্নয়নৰ বাবে বাজেটত ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ৮৯ কোটি টকা।