NORTHEAST NOW (Assamese)

কামৰূপৰ পলাশবাৰীত ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱা শিক্ষকক স্থানীয় ৰাইজৰ প্ৰহাৰ

April 12, 2018 10:40 pm · এন ই নাও নিউজ

বৃহস্পতিবাৰে পুৱা কামৰূপ জিলাৰ পলাশবাৰীত এজন শিক্ষকক স্থানীয় ৰাইজে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

জানিব পৰা মতে পলাশবাৰীৰ ছানপাৰা এম ভি স্কুলৰ এজন শিক্ষকে ৪ গৰাকী ছাত্ৰীক এটা ৰুমত বন্দী কৰি ৰখাৰ লগতে শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা বৃহস্পতিবাৰে পোহৰলৈ আহে। ফলত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পথলৈ ওলাই আহি শিক্ষক গৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে।

আনহাতে ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰি তাৎক্ষণিকভাৱে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিক্ষকজনক গ্ৰেপ্তাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈছিল যে স্থানীয় ৰাইজৰ আক্ৰণত ৰবিন বড়ো নামৰ এজন আৰক্ষী কনিষ্টবলো গুৰুতৰভাৱে আহত হয়। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চালনা কৰিব লগা হয়।

পলাশবাৰীৰ ছানপাৰা এম ভি স্কুলত শিক্ষকতা কৰা শিক্ষকগৰাকীক কৃষ্ণকান্ত মহন্ত বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

Related News