• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ সমান্তৰালকৈ গুৱাহাটীতো উপবাস বিজেপিৰ; কংগ্ৰেছৰ সমালোচনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2018 10:37 pm
IMG20180412115016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী দল কংগ্ৰেছে সংসদৰ কাম-কাজ অচলাৱস্থা কৰি তোলাৰ অভিযোগ উত্থাপন কৰি আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনশন ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰধান মন্ত্ৰী মোদীৰ অনশনক সহাৰি জনায় দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীতো ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নেতৃবৃন্দই  ৭ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

দেশৰ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীৰ মেঘদূত ভবনৰ সন্মুখত থকা নেহৰুপাৰ্কতো বিজেপি দলে আজি পূৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনশন কাৰ্য্যসূচী চলাই নিয়ে।

Apply Now

এই অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদমাধ্যক কয় ‘বিগত যি বাজেট সত্ৰ অনুষ্ঠিত হৈছিল তাত কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী পক্ষই সম্পূৰ্ণ অগণতান্ত্ৰিকভাবে আচৰণ কৰিলে। তদুপৰি তেওঁলোকে শান্তিপূৰ্ণভাবে সদন চলিব দিয়া নাছিল। কংগ্ৰেছৰ এনেধৰণৰ অগণতান্ত্ৰিক পদ্ধতিৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীত অনশনত বহিছে। তেখেতৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিবৰ বাবে আজি আমিও এই অনশনত বহিছো।‘

আনহাতে, বিধানসভা তথা লোকসভাৰ বাজেট অধিবেশনত কংগ্ৰেছৰ ভূমিকা সন্দৰ্ভত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কয় ‘বাজেট অধিবেশনৰ দিনকেইটাত কংগ্ৰেছ দলে বিৰোধী দলসমূৰ লগ লাগি এটা দিনো শান্তিপূৰ্ণভাবে সদনৰ কাম কাজ পৰিচালনা কৰিব নিদিলে। কংগ্ৰেছে ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি থ’লে।‘

ইয়াৰ উপৰি তেওঁ কয় যে কংগ্ৰেছে কথাৰ ফুলজাৰি মাৰি জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ যি ব্যৱস্থা কৰিছে সেয়া গ্ৰহণযোগ্য নহয়।‘

আনহাতে, নিজৰ চৰকাৰখনৰ প্ৰশংসা কৰি বিজয়া চক্ৰবৰ্তীয়ে কয় ‘আমাৰ চৰকাৰে দুটা বছৰত যথেষ্ট কাম কৰিছে।

এই অনশন কাৰ্য্যসূচীত অসম পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰনীয়াকে ধৰি গুৱাহাটী মহানগৰ জিলা বিজেপিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

তাৎপৰ্য্যপূৰ্ণভাবে বিজেপিয়ে সৰ্বভাৰততে চলোৱা এই অনশন কাৰ্য্যসূচীৰ বিৰোধীতা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই টুইটাৰৰ জৰিয়তে নিজৰ মত পোষণ কৰে।

টুইটোত সভাপতিগৰাকীয়ে স্পষ্টৰূপত উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি কংগ্ৰেছ তথা অন্য বিৰোধীসকলে সদনত বাধাৰ সৃষ্টি কৰা বুলি অভিযোগ তুলি আজি যি দিনযোৰা অনশন কাৰ্য্যসূচী কৰিলে, এয়া হৈছে দেশৰ জনসাধাৰণক দেশৰ জলন্ত সমস্যাসমূহৰ পৰা মনটো বেলেগফাললৈ লৈ যোৱাৰ এক চেষ্টা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd