কামৰূপ আৰক্ষীৰ অভিযানত উদ্ধাৰ লক্ষাধিক টকাৰ বিলাতী সুৰা : দুজনক আটক

কামৰূপৰ শিঙিমাৰীত আজি পুৱতি নিশা কামৰূপ আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে এক অভিযান চলাই  বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আজি দীৰ্ঘদিন ধৰি কামৰূপৰ শিঙিমাৰীত কেইবাখনে শিক্ষানুষ্ঠানৰ সমীপতে অজিত বৰ্মন নামৰ এজন সুৰা ব্যৱসায়ীয়ে চলাই আহিছিল লাখ লাখ টকাৰ অবৈধ সুৰাৰ ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপন হৈ আহিছিল।

ইফালে এনেদৰে অবৈধ সুৰাৰ এক ব্যৱসায় গঢ়ি উঠাৰ লগে লগে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ অহাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল তথা যুৱক সকল ধ্বংসৰ দিশত গতি কৰিছে। আৰু স্থানীয় ৰাইজে প্ৰশাসনক এই ক্ষেত্ৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছিল।

যাৰ ফলত আজি পুৱতি নিশা কামৰূপ আৰক্ষীয়ে অজিত বৰ্মনৰ সুৰাৰ ঘাটিত অভিযান চলাই জব্দ কৰে প্ৰায় লক্ষ্যাধিক টকাৰ বিলাতী সুৰা। লগতে আৰক্ষীয়ে আটক কৰে লাচিত বৰ্মন আৰু বিৰাজ কাকতি নামৰ দুজন লোকক। অৱশ্যে সুৰা ব্যৱসায়ী অজিত বৰ্মন বৰ্তমান পলাতক অৱস্থাত আছে।

আনহাতে স্থানীয় ৰাইজে আৰক্ষীৰ এনে পদক্ষেপক প্ৰশংসা কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।