কাৰ্বাইড দি পকোৱা ফল-মূল আৰু পলিথিনৰ বিৰুদ্ধে অভিযান বিশ্বনাথ প্ৰশাসনৰ

IMG_20180607_114832

কাৰ্বাইড দি পকোৱা ফল-মূল স্বাস্থ্যৰ বাবে  ক্ষতিকাৰক। ইয়াকৈ লৈ যেন অলপো শংকিত নহয় ফল-মূলৰ ব্যৱসায়ী। কেৱল মুনাফা আদায়ৰ বাবে সম্প্ৰতি ৰাসায়নিক পদাৰ্থ কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফল-মূলৰে ভৰাই তুলিছে অসমৰ বজাৰ। ঠিক সেইদৰে খাদ্যৰ নামত বৰবিহ যোগান ধৰা  ফল-মূল  আৰু পলিথিনৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ সময়তে আজি বিশ্বনাথ প্ৰশাসনেও চলায় এক অভিযান।

জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ শইকীয়াৰ নেতৃত্বত খাদ্য সুৰক্ষা পৰিদৰ্শক, খাদ্য আৰু যোগান বিভাগ, কৃষি বিভাগ আৰু বিশ্বনাথ আৰক্ষী বিষয়াৰে গঠিত এটা খাদ্য সুৰক্ষা অভিযানৰ দলে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় ফল-মূলৰ লগতে বৃহৎ পৰিমাণৰ পলিথিন জব্দ কৰিবলৈ সক্ষম হয়।

মাৰাত্মক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি পকোৱা আৰু সতেজ কৰি ৰখা ফল-মূলৰ বিক্ৰী, মজুতকৰণৰ বিৰুদ্ধে আৰু লগতে প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰি প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰি থকা ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযানকাৰী দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে বিশ্বনাথ প্ৰশাসনে জিলাখনত ৫০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিনৰ ওপৰত নিষেধাজ্ঞা আনিছিল। কিন্তু বহু ব্যৱসায়ীয়ে উক্ত নিষেধাজ্ঞাক অমান্য কৰি এতিয়াও এনে পলিথিন ব্যৱহাৰ কৰি থকাত আজি এনেদৰে অভিযান চলোৱা বুলি জানিবলৈ দিয়ে বিশ্বনাথ জিলা প্ৰশাসনে।