ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে শেহতীয়াকৈ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা ৰাসায়নিক দ্ৰব্যৰ জৰিয়তে পকোৱা বিভিন্ন ফল-মূলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। যোৱা ১ জুন তাৰিখে ধুবুৰীত কাৰ্বাইড দি পকোৱা আমৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ১.৫ লাখ টকাৰ আম নষ্ট কৰাৰ পিছত ৫ জুনত জাগীৰোডতো অনুৰূপ অভিযান চলোৱা হয়।
মৰিগাওঁ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগৰ ভিত্তিত এই অভিযানটো চলোৱা হৈছিল বুলি জানিব পৰা গৈছে।
অভিযোগ পোৱাৰ পিছতে সৰু চহৰখনত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই কাৰ্বাইড দি পকোৱা বৃহৎ পৰিমাণৰ আম জব্দ কৰে।
সূত্ৰটোৱে জনোৱা মতে, জাগীৰোডৰ বিভিন্ন গুদামত এই অভিযান চলোৱা হৈছিল। অভিযানৰ সময়ত ডব্লিউ বি ১৯ এইচ্ছ ৩৯৫৮ নম্বৰৰ আমভৰ্তি এখন ট্ৰাকো জব্দ কৰা হয়। জানিব পৰা মতে, বিষয়াসকলে জব্দ কৰা প্ৰতিটো কাৰ্টনতে আমৰ মাজত ভৰাই থোৱা আছিল কাৰ্বাইডৰ টোপোলা। জব্দকৃত আমখিনি খাদ্য সুৰক্ষা বিভাগে পাছত নষ্ট কৰি পেলায় বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।