কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত টেট অনুষ্ঠিত কৰিবলৈ ৪৫ দিনৰ সময়সীমা কাৰ্বি ছাত্ৰ সন্থাৰ

KSA-570x320

ছিমেয়ন ৰংফাৰৰ নেতৃত্বাধীন কাৰ্বি ষ্টুডেণ্ট’ছ ইউনিয়ন গোটটোৱে ২০ এপ্ৰিলৰ পৰা ৪৫ দিনৰ ভিতৰত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত শিক্ষক যোগ্যতা পৰীক্ষা (টেট) অনুষ্ঠিত কৰাৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাংঙক শেষ সময়সীমা ধাৰ্য কৰি দিছে।

তেওঁলোকৰ দাবী পূৰণৰ দাবীত কাৰ্বি ষ্টুডেণ্ট’ছ ইউনিয়নৰ কৰ্মীসকলে ছেমছন সিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

তাৰ পাছত ছাত্ৰৰ গোটটোৱে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ সচিবালয়লৈ যাত্ৰা কৰে আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰংহাঙৰ ওচৰত ‘চৰমপত্ৰ’ স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখন স্বাস্থ্য বভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে গ্ৰহণ কৰে।

কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে কাৰ্বি ষ্টুডেণ্ট’ছ ইউনিয়ন গোটটোক আশ্বাস প্ৰদান কৰে যে বিষয়টো তেওঁ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাংঙক অৱগত কৰাব।

চৰমপত্ৰখনত  কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত শিক্ষক যোগ্যতা পৰীক্ষা (টেট) অনুষ্ঠিত কৰাৰ বাবে আৰু ১১,৮৯০ টা অসমাপ্ত ইন্দিৰা আৱাস যোজনাৰ ঘৰ সম্পূৰ্ণ

কৰাৰ দাবী কৰা হৈছে।উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ব পৰিষদে ইয়াৰ কাৰ্যকৰী চলিত বছৰৰ ফেব্ৰুৱাৰি মাহৰ ৬ তাৰিখে  অনুষ্ঠিত কমিটীৰ ৩০ সংখ্যক সভাখনত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ  শিক্ষক যোগ্যতা পৰীক্ষা (টেট)  ২০১৮ৰ মাৰ্চৰ ৩১ তাৰিখৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু এয়া এতিয়াও কাৰ্যত পৰিণত হোৱা নাই।

কাৰ্বি ষ্টুডেণ্ট’ছ ইউনিয়নে স্মাৰকপত্ৰখনত উল্লেখ কৰিছে যে কাৰ্বি আংলঙৰ ইন্দিৰা আৱাস যোজনাৰ লগত ১০০ কোটি টকাৰ অপব্যৱহাৰৰ বিষয়টোও জড়িত হৈ আছে।