কাৰ্বি পাহাৰত উপস্থিত গুৱাহাটীৰ পাঁচ মহিলা বাইক আৰোহী

mahila biker

ৰাজ্যখনৰ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ প্ৰাকৃতিক শোভাৰ লগতে বিভিন্ন বিষয় সম্পৰ্কে অধ্যয়নৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা পাঁচগৰাকী উৎসাহী মহিলা বাইক আৰোহী আহি এই পাৰ্বত্য জিলা দুখনত উপস্থিত হৈছেহি।

এই দুই পাৰ্বত্য জিলা দুখনৰ বিভিন্ন সামাজিক বিষয়ৰ লগতে প্ৰাকৃতিক শোভা দৰ্শন তথা অধ্যয়ন কৰিবলৈ আহি মহানগৰীৰ পাঁচ মহিলা বাইক আৰোহী দেওবাৰে খেৰণিত উপস্থিত হয়।

পশ্চিম কাৰ্বি আংলঙত অৱস্থিত ৰাজ্যখনৰ অন্যতম আকৰ্ষণীয় বনভোজস্থলী হিচাপে পৰিচিত কঁপিলী নদীৰ কোকাৰ প্ৰকৃতিৰ নান্দনিক দৃশ্য দলটোৱে উপভোগ কৰে।

ইয়াৰ পাছতেই দলটোয়ে ডিমা হাছাও জিলাৰ পানীমূৰলৈ বুলি ৰাওনা হয়।  কোকাৰ বনভোজস্থলীৰ পৰা ডিমা হাছাওৰ পানীমূৰ অভিমুখে গৈ থকাৰ মাজতে মহিলাৰ দলটোয়ে খেৰণিত সাংবাদিকৰ আগত ব্যক্ত কৰে যে অসম চৰকাৰ তথা পৰ্যটন বিভাগে কোকাৰ দৰে বিৰল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা বনভোজস্থলীৰ বিকাশৰ বাবে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত।

তেওঁলোকে লগতে অসম চৰকাৰ তথা পৰ্যটন বিভাগক ইয়াৰ উন্নয়নৰ সমান্তৰালভাৱে পৰ্যটকৰ দৃষ্টি আকৰ্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহ্বান জনায়।

উল্লেখযোগ্য যে পাহাৰীয়া এই জিলা দুখনৰ সামগ্ৰিক উন্নয়নৰ ছবিখন অতি পুতৌ লগা আৰু ইয়াৰ প্ৰাকংতিক সম্পদসমূহৰ অবাধ লুণ্ঠনৰ অভিযোগো দীৰ্ঘদিনীয়া। ৰাজ্যখনৰ মুলসুঁতিৰ লোকসকলৰ সৈতে পাহাৰীয়া জিলা দুখনৰ নিকট সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সকলোৱে একেমুখে স্বীকাৰ কৰে।

গুৱাহাটীৰ পৰা অহা মহিলা বাইক আৰোহীৰ দলটোৰ উৎসাহ আৰু পাহাৰীয়া জিলা দুখনৰ বিষয়ে প্ৰকাশ কৰা আগ্ৰহৰ বাবে সকলোৱে প্ৰশংসা কৰে।

প্ৰসংগত: মহিলাৰ দলটোৱে নাৰী দিৱস পালন সম্পৰ্কত এক তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰি কয় যে এটা নিৰ্দিষ্ট দিনত নাৰী দিৱস পালন কৰাৰ পৰিৱৰ্তে প্ৰতিটো দিনকেই নাৰী দিৱস হিচাপে সকলোৱে গ্ৰহণ কৰিব লাগে।