কাৰ্বি ৰাজ্যৰ আন্দোলনত চহিদ হোৱাসকলৰ পৰিয়ালক ৫ লাখকৈ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা বিত্ত মন্ত্ৰীৰ

Minister Himanta Biswa Sarma at BJP Rally at Chutianala, Diphu, Karbi Anglong

কাৰ্বি স্বায়ত্তশাসিত ৰাজ্যৰ আন্দোলনত চহিদ হোৱাসকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য দিব বুলি ঘোষণা কৰিছে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি কাৰ্বি অংলঙলৈ যোৱা ৰাজ্যখনৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ চুতীয়ানলাৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত বিকাশ ৰেলিত এই ঘোষণাটো কৰে।

৫ লাখকৈ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰি কেবিনেট মন্ত্ৰীজনে কয়, “বিজেপি শাসনলৈ অহাৰ পিছত অসম আন্দোলনৰ চহিদসকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য দিয়াৰ লগতে বড়োলেণ্ডৰ আন্দোলনৰ চহিদৰ পৰিয়াললৈও ৫ লাখকৈ টকাৰ এককালীন সাহায্য দিছিল। আৰু আজি মই কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত কৰা আন্দোলনৰ চহিদসকলৰ পৰিয়াললৈও ৫ লাখকৈ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিলো।”

মন্ত্ৰীজনে লগতে কয় যে হাওৰাঘাটৰ পৰা বৈথালংছ’লৈকে এক নতুন বিকাশৰ ৰেঙনি দেখা যাব। ডিফুত মেডিকেল কলেজ নিৰ্মাণৰ কাম লাহে লাহে হৈ আছে। সৰ্ব দিশতে বিকাশ হ’ব লাগিব। আমি জিলাখনত দুখনকৈ বি এড কলেজ নিৰ্মাণৰ সিদ্ধান্ত লৈছো। লগতে এখন ষ্টেডিয়াম, ২৪টা পৰিষদীয় সমষ্টিৰ প্ৰতিটোতে একোটাকৈ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিব বুলি কয়। মন্ত্ৰীজনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি ১০ কোটিৰ পৰা ২৬০ কোটিলৈ বৃদ্ধি কৰা বুলিও কয়। বোকাজানত এখন ১০০খন বিছনাযুক্ত চিকিৎসালয় আৰু বৈঠালংছোত ২০০খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰি থকা বুলি কয়।

স্বভাৱগতভাৱে মন্ত্ৰী হিমন্তই পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনক আৰু কংগ্ৰেছ দলটোক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গ’ল। তেওঁ কয় যে শাসনত থকাৰ সময়ত কংগ্ৰেছে যিখিনি নকৰিলে সেইখিনি এতিয়া বিজেপিয়ে কৰিছে। কংগ্ৰেছক পৰাভূত কৰাটো নিশ্চিত কৰাৰ বাবে বিজেপিৰ কৰ্মীসকলক আহ্বান জনায় মন্ত্ৰীজনে।

আনহাতে অহা বছৰ হ’ব লগীয়া লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ হৰাটো নিশ্চিত বুলিও মন্তব্য কৰে মন্ত্ৰীজনে।

আজিৰ বিকাশ ৰেলিত মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাঙো উপস্থিত আছিল আৰু তেওঁ কাৰ্বি আংলঙৰ পথ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন বিচৰাত বিজেপিৰ চৰকাৰে সেয়া প্ৰদান কৰা বুলি কয়।