কৃষকলৈ ৰাজসাহায্য হস্তান্তৰকৰণকলৈ মাজুলীত বেংক বিষয়াৰে উপায়ুক্তৰ বৈঠক

samagra gram yojana

প্ৰতিনিধিত্বমূলক ছবি

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত কৃষক গোটলৈ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ যোগান আঁচনিৰ লগতে মাজুলী জিলাৰ কৃষক সকললৈ চৰকাৰৰ বিভিন্ন কৃষি আঁচনিৰ ৰাজসাহায্য পোনপটীয়াকৈ হস্তান্তৰণ সন্দৰ্ভত জিলা প্ৰশাসনে আজি এখন বৈঠক অনুষ্ঠিত কৰে।

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা কৃষি বিভাগৰ বিষয়া আৰু জিলা খনত থকা প্ৰতিটো বেংকৰ শাখা প্ৰৱন্ধক সকলক লৈ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই এই বৈঠক অনুষ্ঠিত কৰি কৃষকলৈ চৰকাৰৰ আৰ্থিক সা-সুবিধা পোনে পোনে হস্তান্তৰকৰণৰ ক্ষেত্ৰত বেংক সমূহক সহযোগ কৰাৰ নিৰ্দেশ দিয়ে ।

মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্তদ্বয় অচ্যুৎ বৰুৱা আৰু নিতিষা বৰাৰ লগতে জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠকো উপস্থিত থকা বৈঠকত মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনৰ ৭০ শতাংশ ৰাজসাহায্যযুক্ত টেক্টৰ বিতৰণ আঁচনিৰ শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ বিষয়ে বিষদভাৱে আলোচনা কৰে।

চৰকাৰে দিয়া শেহতীয়া নিৰ্দেশ অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ ট্ৰেক্টৰৰ ফেজত প্ৰত্যেকটো কোম্পানীৰ সৰ্বনিম্ন মূল্যৰ ট্ৰেক্টৰৰ ক্ষেত্ৰতহে ৭৯ শতাংশ ৰাজসাহাৰ্য লাভ কৰিব হিতাধিকাৰী কৃষকগোটে। অহা ১৫ মে’ৰ ভিতৰতে প্ৰতিখন ৰাজহ গাঁৱৰ একোটাকৈ আবেদনকাৰী কৃষকগোটে নিজৰ পচণ্ডৰ ট্ৰেক্টৰ ব্ৰেণ্ড ঠিক কৰি বেংকক জনাব লাগিব।

সেইমতে অহা ১৬ মে’ৰ ভিতৰতে বেংক সমূহে কোন বেংকত কেইটা কৃষক গোটে কি কি ব্ৰেণ্ডৰ ট্ৰেক্টৰৰ বাবে আবেদন দাখিল কৰিছে আৰু কোন ৰাজহ গাঁৱৰ কিমান কৃষক গোটে কোন বেংকত আবেদন কৰিছে সেই বিষয়ে বিতং প্ৰতিবেদন উপায়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব।

আনহাতে কৃষি বিভাগৰ আন আঁচনি সমূহৰ ক্ষেত্ৰটো ব্যক্তিগত কৃষক হিতাধিকাৰী সকললৈ চৰকাৰী ৰাজ সাহায্য তথা আৰ্থিক সা-সুবিধাৰাজীৰ পোনপটীয়া হস্তান্তৰণত কৃষকে অসুবিধা নোপোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তই বেংক বিষয়া সকলক নিৰ্দেশ দিয়ে।