• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি-উদ্যান শস্যমেলাৰ সামৰণি : উদ্যান-শস্যৰ বজাৰখনৰ সুযোগ ল’বলৈ আহ্বান জনালে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 8, 2018 9:50 pm
170
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ কৃষক আৰু অকৃষক শ্ৰেণীটোক ৰাজ্যখনত নতুনকৈ গঢ় লৈ উঠা উদ্যান-শস্যৰ বজাৰখনৰ সুযোগ ল’বলৈ আহ্বান জনালে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমলমল্ল বুজৰবৰুৱাই। আজি ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত সামৰণি পৰা উদ্যান শস্যমেলাৰ সামৰণি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে উপাচাৰ্য্যজনে। ‘অতি সোনকালেই অসমে এখন ব্যৱসায়িকভাৱে লাভজনক বজাৰ লাভ কৰিব। কাৰণ তেজপুৰত বাবা ৰামদেৱৰ পতঞ্জলি উদ্যোগ স্থাপন হ’বলৈ গৈ আছে। যদি আমাৰ কৃষক আৰু অকৃষক শ্ৰেণীৰ লোকসকলে তুলসীকে আদি কৰি অন্যান্য ঔষধি উদ্ভিদৰ খেতি নিজৰ ঘৰতে কৰিবলৈ আৰম্ভ কৰে, তেন্তে এই উদ্যোগটোৰ বাবে এইবোৰ অত্যন্ত কামত অহা হ’ব আৰু তেওঁলোকে বৃহৎ পৰিমাণত এইবোৰ আমাৰ পৰা কিনিব পাৰে।’ উপাচাৰ্য্যজনে কয়। তেওঁ লগতে কয় যে আমি অসমত উদ্যান শস্যৰ বাবে সদায়ে বজাৰ নাই নাইহে কৰি আহিছো।

তেওঁ নতুন চামৰ মাজত কৃষিখণ্ডৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাটো শুভ লক্ষণ। এওঁলোকে সুকীয়া কৃষি পদ্ধতি ব্যৱহাৰ কৰি ৰাজ্যৰ অৰ্থনীতি সবল কৰাৰ দায়িত্ব লোৱা উচিত। এই সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য দি তেওঁ কয় যে প্ৰতিদিনে গুৱাহাটীলৈ প্ৰায় ৩৩ লাখ কণী আহে, যিবোৰ অন্য ৰাজ্যৰ পৰা অনা হয়। এবছৰত আমি প্ৰায় ৬০০ কোটি টকাৰ কণী বাহিৰৰ পৰা কিনো। গতিকে আমাৰ নতুন প্ৰজন্মই কথাবোৰ ভাবি চাব লাগে আৰু সুকীয়া পদ্ধতিৰে কৃষি কামত ধৰিব লাগে।

তেওঁ পৰম্পৰাগত কৃষি পদ্ধতি সলনিত গুৰুত্ব দি কয়, ‘আমি অসমত ১০ নিযুত টন কৃষি-উদ্যান সামগ্ৰী উৎপাদন কৰিব পাৰো। কিন্তু তাৰ বাবে আমি সুকীয়া পদ্ধতি অৱলম্বন কৰিব লাগিব। তেওঁ লগতে জৈৱিক কৃষি পদ্ধতিৰ ওপৰতো গুৰুত্বি দিয়াৰ আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা কৃষি মন্ত্ৰী অতুল বৰাই কয় যে প্ৰথমবাৰৰ বাবে এই উদ্যান শস্যমেলা গুৱাহাটীৰ বাহিৰত পাতিবলৈ চেষ্টা কৰা হৈছিল আৰু ই সফল হৈছে।

‘আমি মানুহৰ পৰা খুব ভাল সঁহাৰি পালো আৰু মানুহে আমাৰ কামক প্ৰশংসা কৰিছে। আমাৰ প্ৰধান লক্ষ্য হ’ল ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা। সেই বাবেই আমাৰ চৰকাৰে ভালেমান আঁচনি হাতত লৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই চাৰিদিনীয়া মেলাখনত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা চক্ৰৰ লগতে কৃষকৰ প্ৰশিক্ষণো সম্পন্ন হয়। মেলাখনত মুঠ ২৮০ টা বিপণিয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ মাজত বিদেশৰ পৰা অহা বিপণিও আছিল।

Recent News

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd