• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি-উদ্যান শস্যমেলাৰ সামৰণি : উদ্যান-শস্যৰ বজাৰখনৰ সুযোগ ল’বলৈ আহ্বান জনালে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 8, 2018 9:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ কৃষক আৰু অকৃষক শ্ৰেণীটোক ৰাজ্যখনত নতুনকৈ গঢ় লৈ উঠা উদ্যান-শস্যৰ বজাৰখনৰ সুযোগ ল’বলৈ আহ্বান জনালে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমলমল্ল বুজৰবৰুৱাই। আজি ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত সামৰণি পৰা উদ্যান শস্যমেলাৰ সামৰণি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে উপাচাৰ্য্যজনে। ‘অতি সোনকালেই অসমে এখন ব্যৱসায়িকভাৱে লাভজনক বজাৰ লাভ কৰিব। কাৰণ তেজপুৰত বাবা ৰামদেৱৰ পতঞ্জলি উদ্যোগ স্থাপন হ’বলৈ গৈ আছে। যদি আমাৰ কৃষক আৰু অকৃষক শ্ৰেণীৰ লোকসকলে তুলসীকে আদি কৰি অন্যান্য ঔষধি উদ্ভিদৰ খেতি নিজৰ ঘৰতে কৰিবলৈ আৰম্ভ কৰে, তেন্তে এই উদ্যোগটোৰ বাবে এইবোৰ অত্যন্ত কামত অহা হ’ব আৰু তেওঁলোকে বৃহৎ পৰিমাণত এইবোৰ আমাৰ পৰা কিনিব পাৰে।’ উপাচাৰ্য্যজনে কয়। তেওঁ লগতে কয় যে আমি অসমত উদ্যান শস্যৰ বাবে সদায়ে বজাৰ নাই নাইহে কৰি আহিছো।

তেওঁ নতুন চামৰ মাজত কৃষিখণ্ডৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাটো শুভ লক্ষণ। এওঁলোকে সুকীয়া কৃষি পদ্ধতি ব্যৱহাৰ কৰি ৰাজ্যৰ অৰ্থনীতি সবল কৰাৰ দায়িত্ব লোৱা উচিত। এই সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য দি তেওঁ কয় যে প্ৰতিদিনে গুৱাহাটীলৈ প্ৰায় ৩৩ লাখ কণী আহে, যিবোৰ অন্য ৰাজ্যৰ পৰা অনা হয়। এবছৰত আমি প্ৰায় ৬০০ কোটি টকাৰ কণী বাহিৰৰ পৰা কিনো। গতিকে আমাৰ নতুন প্ৰজন্মই কথাবোৰ ভাবি চাব লাগে আৰু সুকীয়া পদ্ধতিৰে কৃষি কামত ধৰিব লাগে।

Apply Now

তেওঁ পৰম্পৰাগত কৃষি পদ্ধতি সলনিত গুৰুত্ব দি কয়, ‘আমি অসমত ১০ নিযুত টন কৃষি-উদ্যান সামগ্ৰী উৎপাদন কৰিব পাৰো। কিন্তু তাৰ বাবে আমি সুকীয়া পদ্ধতি অৱলম্বন কৰিব লাগিব। তেওঁ লগতে জৈৱিক কৃষি পদ্ধতিৰ ওপৰতো গুৰুত্বি দিয়াৰ আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা কৃষি মন্ত্ৰী অতুল বৰাই কয় যে প্ৰথমবাৰৰ বাবে এই উদ্যান শস্যমেলা গুৱাহাটীৰ বাহিৰত পাতিবলৈ চেষ্টা কৰা হৈছিল আৰু ই সফল হৈছে।

‘আমি মানুহৰ পৰা খুব ভাল সঁহাৰি পালো আৰু মানুহে আমাৰ কামক প্ৰশংসা কৰিছে। আমাৰ প্ৰধান লক্ষ্য হ’ল ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা। সেই বাবেই আমাৰ চৰকাৰে ভালেমান আঁচনি হাতত লৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই চাৰিদিনীয়া মেলাখনত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা চক্ৰৰ লগতে কৃষকৰ প্ৰশিক্ষণো সম্পন্ন হয়। মেলাখনত মুঠ ২৮০ টা বিপণিয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ মাজত বিদেশৰ পৰা অহা বিপণিও আছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd