উত্তৰ-পূৰ্বাঞ্চলত থকা পৰম্পৰাগত শিল্প-দক্ষতাবোৰক উপযুক্তভাৱে সংৰক্ষণ আৰু বিকাশ কৰাৰ কথা চিন্তা কৰিছে ড’নাৰ মন্ত্ৰ্যালয়ে। ইয়াৰ বাবে এক অভিলাষী আঁচনি লৈছে বুলি বিভাগটোৰ এটা সূত্ৰই জানিবলৈ দিছে। অঞ্চলটোৰ পৰম্পৰাগত শিল্পকৰ্মসমূহক জীয়াই ৰাখিবলৈ বিভাগটোৱে ইয়াৰ চৰকাৰবোৰ আৰু আন আন সংস্থাবোৰৰ সহায় ল’ব।
লগতে মন্ত্ৰ্যালয়টোৱে পৰম্পৰাগত তাঁতশিল্প আৰু হস্তশিল্পকো সংৰক্ষণ তথা সুৰক্ষা প্ৰদান কৰিব। এই উদ্দেশ্যে অহা মাৰ্চৰ ভিতৰত প্ৰায় ৮১৫৩ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিবৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়লৈ (MSDE) ২৫ কোটি টকাৰ অনুমোদন আগ বঢ়োৱা হৈছে। ইয়াৰ ভিতৰত বাঁহশিল্প, হস্তশিল্প, তাঁতশিল্প আছে।
‘উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰ্যালয়ে ইয়াৰ বিভিন্ন সংস্থাবোৰৰ মাজেৰে পৰম্পৰাগত হস্ততাঁত আৰু হস্তশিল্পৰ সংৰক্ষণ আৰু বিকাশক সমৰ্থন আগ বঢ়াব।’ মন্ত্ৰ্যালয়ৰ সূত্ৰই এইদৰে কয়।
উত্তৰ-পূৰ্বাঞ্চল পৰিষদেও (NEC) কিছুমান ৰাজ্যৰ চৰকাৰ আৰু এজেন্সিক পৰম্পৰাগত উদ্যোগ শিল্পবোৰক সংৰক্ষণ আৰু বিকাশ কৰাৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগ বঢ়াই আহিছে। মন্ত্ৰ্যালয়টোৱে এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত বিকাশ নিগম লিমিটেডক (NEHHDC) সমৰ্থন আগ বঢ়াই আহিছে।
সম্প্ৰতি দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ জৰিয়তে সক্ষমতা নিৰ্মাণ আঁচনি (Capacity Building Scheme) কাৰ্য্যকৰী আছে। এই আঁচনিখনৰ মূল লক্ষ্য হ’ল দক্ষতা বিকাশৰ বাবে পুঁজিৰ যোগান ধৰা, নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰা আৰু স্ব নিয়োজন তথা উদ্যমিতাক উৎসাহ যোগোৱা।
লগতে ড’নাৰ মন্ত্ৰ্যালয়ে North Eastern Community Resource Management Project (NERCORMP) আৰু North Eastern Rural Livelihood Project (NERLP) নামৰ প্ৰকল্পৰ জৰিয়তে জীৱিকাৰ ক্ষেত্ৰবোৰত কাম কৰি থকা বিভিন্ন মন্ত্ৰ্যালয়বোৰক সহযোগ কৰি আহিছে।
সূত্ৰটোৱে জনোৱা মতে NERCORMP –এ জানুৱাৰি ১ তাৰিখ পৰ্য্যন্ত ১০খন জিলাৰ ২০৪১ গাৱঁৰ ৮৯৪৪৯ টা পৰিয়ালক সামৰি লৈছে। আনহাতে NERLP-এ ১১ জিলাৰ ১৬৪৫ গাৱঁক সামৰি লৈছে। মন্ত্ৰ্যালয়টোৰ NERLP প্ৰকল্পটোৰ জৰিয়তে ৯ হাজাৰ আত্মসহায়ক গোটৰ সদস্যক বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে ৪৬০০ জনে কাম পাইছে আৰু ২ হাজাৰ জনে নিজৰ কামৰ মাজেৰে সংস্থাপিত হৈছে।