কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবা গুৱাহাটীত : নিৰাপত্তাজনিত পৰিস্থিতিৰ লগতে এন আৰ চি প্ৰক্ৰিয়াৰ পৰ্য্যালোচনা

 

আজি কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাই গুৱাহাটীত অসমৰ সাম্প্ৰতিক নিৰাপত্তাজনিত পৰিস্থিতিৰ এক পৰ্য্যালোচনা সভাত গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবৰ সৈতে মিলিত হয়। ইয়াৰোপৰি ৰাজ্যখনত হৈ থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পৰ্কতো ভাৰতৰ মহা পঞ্জীয়ক আৰু অসমৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ সৈতেও পৰ্য্যালোচনাত মিলিত হয়। ইয়াৰ পিছতে বিষয় দুটা সন্দৰ্ভত তেওঁ প্ৰশাসনিক ষ্টাফ কলেজত এখন সংবাদমেলো সম্বোধন কৰে। উল্লেখযোগ্য যে এইটো তেওঁৰ গৃহ সচিব হিচাপে প্ৰথম অসম ভ্ৰমণ। আনহাতে শেহতীয়াভাৱে আলফাৰ কাৰ্য্যকলাপ তথা সক্ৰিয়তা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গৃহ সচিবজনৰ এই ভ্ৰমণ তথা পৰ্য্যালোচনা সভাই বিশেষ তাৎপৰ্য্য বহন কৰিছে। আজিৰ সংবাদমেলখন সম্বোধন কৰি তেওঁ অসমত এতিয়া আইন-শৃংখলাজনিত পৰিস্থিতি উন্নত হৈছে বুলি মন্তব্য কৰে। আনহাতে এন আৰ চিৰ বিষয়তো তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ৰ তদাৰকীত হৈ থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব লগীয়া প্ৰথমখন খচৰা সন্দৰ্ভত কয়, ‘এইটো হ’ল খচৰা ৰূপ। ই চূড়ান্ত নহয়। ইয়াৰ পিছত বিভিন্ন দাবী তথা ওজৰ-আপত্তি ইত্যাদিবোৰ থাকিব। প্ৰথম খচৰাত যিসকলৰ নাম বাদ পৰিব, তেওঁলোক চিন্তিত হোৱাৰ দৰকাৰ নাই। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সংবাদ মাধ্যমে সঁচা ছবিখনহে দাঙি ধৰিব লাগে। সংবাদ মাধ্যমে শান্তি বৰ্তি থকাত সহায় কৰিব পাৰে।’

আনহাতে গৃহ সচিবজনে আজি য়ুনিফাইণ্ড কমাণ্ডৰ এটা দলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা। তাৰোপৰি তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোলাৱৰ সৈতেও বৈঠকত অংশগ্ৰহণ কৰিব।