কেন্দ্ৰীয় চৰকাৰে মণিপুৰত স্থাপন কৰিব কৰ্কট চিকিসা কেন্দ্ৰ

কেন্দ্ৰীয় চৰকাৰে মণিপুৰত বদ্ধি পাই অহা কৰ্কট ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ চিকিৎসাৰ সুবিধাৰ্থে ইম্ফলত অৱস্থিত জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ্ মেডিকেল ছায়েন্সেছ (জেনিমছ) ত এটা আধুনিক সা-সুবিধাযুক্ত আঞ্চলিক কৰ্কট চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব।

সোমবাৰে পৰোমপটৰ জেনিমছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ইয়াৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে এই কৰ্কট চিকিৎসা কেন্দ্ৰটো স্থাপনৰ বাবে ৪৫ কোটি টকা অনুমোদন দিব। গতিকে জনসাধাৰণে ইয়াৰ বাবে ৰাজ্যৰ বাহিৰলৈ গৈ বিত্তীয় সমস্যাৰ লগতে অন্যান্য অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰয়োজন নহ’ব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে চৰকাৰে বয়সস্থ লোকসকলক উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ বাবে এটা জেৰিয়াট্ৰিক ৱাৰ্ড আৰু এটা নতুন ১০০ খন বিচনাযুক্ত বিশেষ ৱাৰ্ড মুকলি কৰাৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে জেনিমছত নতুনকৈ স্থাপন কৰা দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰটো ২০১৮ ৰ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।

চৰকাৰী হাস্পাতালৰ পৰা ব্যক্তিগত হাস্পাতাললৈ ৰোগীক প্ৰেৰণ কৰা প্ৰসংগত তেওঁ উল্লেখ কৰে যে এইটো এটা মানুহৰ মানসিকতা যে দুখীয়া লোকসকলে ধনৰ অভাৱত ব্যক্তিগত হাস্পাতলত চিকিৎসা কৰাব নোৱাৰিহে চৰকাৰী হাস্পাতলত চিকৎসা কৰায়।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী এল জয়ন্তকুমাৰ সিঙে তেওঁৰ ভাষণত উল্লেখ কৰে যে ৰাজ্যখনে চিকিৎসক আৰু নাৰ্ছৰ নাটনিত ভূগিছে আৰু চৰকাৰে ইয়াৰ জোৰা মাৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে। তেওঁ চিকিৎসক আৰু নাছৰ্সকলক ৰাজ্যখনৰ জনসাধাৰণক নিস্বাৰ্থ ভাৱে আৰু গুৰুত্বসহকাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়।