কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ; বন্ধ হৈ থকা প্ৰকল্পসমূহ সম্পৰ্কে আলোচনা

Meghalaya Chief Minister Conrad K. Sangma called on Union Transport Minister Nitin Gadkari

মেঘালয় ( Meghalaya )ত চলি থকা পথ নিৰ্মাণ প্ৰকল্পসমূহ সম্পৰ্কে আলোচনা কৰাৰ বাবে মুখ্য মন্ত্ৰী কনৰাদ চাংমাই আজি ১ মে’ত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নিতিন গাদকাৰীক লগ কৰে।

বিভাগটোৰ শীৰ্ষ বিষয়াসকলো উপস্থিতি থকা আজিৰ বৈঠকত ভাৰত চৰকাৰে ৰাজ্যখনত চলি থকা প্ৰকল্পসমূহ ৰূপায়নৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

মুখ্য মন্ত্ৰীয়ে জনায় ‘পৰি থকা সকলো প্ৰকল্প ৰূপায়নৰ বাবে সকলো সমৰ্থন আগবঢ়াব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছে।’

তেওঁ লগতে জনাই যে প্ৰকল্পসমূহ আগবঢ়াই নিয়া সন্দৰ্ভত আলোচনা কৰাৰ বাবে অহা ২৫ আৰু ২৬ মে’ত শ্বিলঙত কেন্দ্ৰীয় পৰিবহণ বিভাগ আৰু ৰাজ্য চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব।

তুৰা-দালু, বাঘমাৰা-মহেশক’লা-ৰানিকৰ পথ, ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু শ্বিলং-ডাউকী পথকে ধৰি ৰাজ্যখনৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৮টা পথ সম্পৰ্কেও মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীয়ে আলোচনা কৰে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় ‘গুৰুত্বপূৰ্ণ পথসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত লোৱা বাবে আৰু কাঠৰ দলংসমূহ পকী কৰাৰ বাবেও আমি আলোচনা কৰো। আলোচনাটো খুব ফলদায়ক আছিল।’