কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত জিলিকিল বিশ্বনাথৰ  টিনাশ্ৰী দেৱী

tinashri cbsc topper

সদ্য ঘোষিত সমগ্ৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (চিবিএছই) দশম শ্ৰেণীৰ পৰীক্ষাত বিশ্বনাথৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ টিনাশ্ৰী দেৱীয়ে ৯৭.২% নম্বৰ লাভ কৰিছে। তেওঁৰ এই সাফল্যত বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোতে এক আনন্দোচ্ছল পৰিৱেশৰ সৃষ্টি হয় |

উল্লেখ্য যে বিশ্বনাথ জিলাৰ মধুপুৰস্থিত জ্ঞান ভাৰতী বিদ্যালয়ত চলিত বৰ্ষত ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৭ গৰাকীয়ে সুন্দৰ ফলাফলৰে উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৪৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪২ গৰাকীয়ে ৬০% শতাংশকৈ অধিক নম্বৰ লাভ কৰিছে,  আৰু ১৮ গৰাকীয়ে ৮০% শতাংশতকৈ অধিক পাবলৈ সক্ষম হোৱাৰ লগতে ৯০ % শতাংশতকৈ অধিক নম্বৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে।

শ্ৰী টিনাশ্ৰী দেৱীয়ে ৯৭.২% নম্বৰ,  চিত্ৰাশ্ৰী ফুকনে ৯৬.৮% , আৰু চিৰিণ আমিনে ৯৩.৮%, নিয়াজ চাকিল ইছলামে ৯৩.৪% আৰু ভাৰ্গৱ বৰাই ৯১.৮%  নম্বৰ প্ৰাপ্ত কৰি বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।  এই উদেশ্যে আজি বিদ্যালয় খনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

এই সভাত ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকে লাভ কৰা সফলতাৰ বাবে অভিভাৱক আৰু সাংবাদিকৰ উপস্থিতিত সম্বৰ্ধনা জনোৱাৰ লগতে কৰা লগতে ৯০ % অধিক নম্বৰ পাবলৈ সক্ষম হোৱা পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তাৰোপৰি, এইখন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বিজ্ঞান শাখাত ৯১.৭% নম্বৰৰে নিহাল খটিয়াৰে সুন্দৰ ফলাফল অনাৰ বাবে বিদ্যালয়খনৰ তৰফৰ পৰা তেওঁক এটা লেপটপ উপহাৰ দিয়া হয় |

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্ঞান ভাৰতী বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কমল ভূঞা, বিদ্যালয়খনৰ অধ্যক্ষ কিৰণবালা দেৱী,  বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত গগৈ,  ৱাৰ্ড কমিছনাৰ অঞ্জন বৰাৰ লগতে সাংবাদিক হিৰণ্য বৰঠাকুৰ আৰু কাজি জেইদুল ইছলাম উপস্থিত থাকে |