NORTHEAST NOW (Assamese)

কেন্দ্ৰৰ আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতিৰ সংশোধন : আত্মসমৰ্পণ কৰা বিদ্ৰোহীয়ে পূৰ্বৰ ১ লাখৰ ঠাইত পাব ৪ লাখকৈ টকা

April 24, 2018 11:14 am · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে থকা ১৯৯৮ চনৰ আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতিৰ কিছু উল্লেখযোগ্য সংশোধন ঘটাইছে। এই সংশোধনী মতে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটবোৰৰ মূল সুঁতিলৈ ঘূৰি অহা, অৰ্থাৎ আত্মসমৰ্পণ কৰা সদস্যসকললৈ চৰকাৰে আগ বঢ়োৱা আৰ্থিক মঞ্জুৰি পূৰ্বৰ ১ লাখ টকাৰ ঠাইত ৪ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। এই ধন তাৎক্ষণিক মঞ্জুৰি হিচাপে লাভ কৰিব। আনহাতে, এই আত্মসমৰ্পণকাৰীসকলে বৰ্তমান লাভ কৰি থকা পাৰিতোষিক ৩৫০০ টকাৰ পৰা ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

উল্লেখযোগ্য যে বিদ্ৰোহৰ ভাবেৰে পৰিচালিত হৈ বিভিন্ন বিদ্ৰোহী গোট চলোৱা বা এইবোৰত যোগদান কৰা উত্তৰ-পূবৰ যুৱকসকলক উগ্ৰপন্থাৰ পৰা আঁতৰাই অনাৰ লক্ষ্যেৰে ১৯৯৮ চনত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে উক্ত আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতি প্ৰচলন কৰিছিল। ইয়াৰ অধীনত চৰকাৰ বহুতো যুৱক-যুৱতীক উগ্ৰপন্থা এৰি ঘাইসুঁতিলৈ আনিবলৈ সক্ষম হৈছিল।

অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে বিদ্ৰোহ আৰু উগ্ৰপন্থাত লিপ্ত অধিক সংখ্যক যুৱক-যুৱতীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে এই সংশোধন কৰা হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই কয়। এই সংশোধনীবোৰ ১ এপ্ৰিল, ২০১৮ৰ পৰা কাৰ্যকৰী হ’ব বুলি সূত্ৰটোৱে কয়।

সূত্ৰটোৱে আৰু জনোৱামতে, অস্ত্ৰ-শস্ত্ৰ ত্যাগৰ বাবে উদগনি হিচাপে দিয়া ধনৰ পৰিমাণ ১০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। আত্মসমৰ্পণ কৰা সকলো বিদ্ৰোহী-উগ্ৰপন্থীক স্ব-নিয়োজনৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হ’ব, পুনৰ সংস্থাপন শিবিৰ নিৰ্মাণৰ বাবে পুঁজি দিয়া হ’ব। লগতে আত্মসমৰ্পণ কৰাসকলৰ বাবে আধাৰ বায়’মেট্ৰিক ৰেজিষ্ট্ৰেইশ্যন বাধ্যতামূলক কৰা হ’ব বুলিও সূত্ৰটোত কোৱা হৈছে।

আনহাতে, সংশোধিত নীতি মতে, উগ্ৰপন্থীৰ হিংসাত্মক ঘটনাত যিকোনো অসামৰিক লোকৰ মৃত্যু হ’লে পূৰ্বৰ  ১ লাখ টকাৰ ঠাইত ২ লাখ টকাৰ এককালীন সাহায্য দিয়া হ’ব। আৰক্ষী লোকৰ মৃত্যু হ’লে ক্ষতিপূৰণ হিচাপে ৩ লাখ টকাৰ ঠাইত এতিয়াৰ পৰা ২০ লাখ টকা দিয়া হ’ব।

Related News