সমগ্ৰ দেশজুৰি অসমীয়া ছবি ‘কেলেণ্ডাৰ’লৈ চলচ্চিত্ৰপ্ৰেমীৰ ব্যাপক সঁহাৰি

calender

সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰা অসমীয়া ছবি ‘কেলেণ্ডাৰে’ চলচ্চিত্ৰপ্ৰেমীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।বিশেষকৈ দেশৰ মুখ্য চহৰ সমূহ বাংগালুৰু, দিল্লী, মুম্বাই, পুনে আদিত চলচ্চিত্ৰখনলৈ দৰ্শকৰ সঁহাৰি দেখা গৈছে।

যোৱা নিশা গুজৰাটৰ বৰোদাত কেলেণ্ডাৰ ছবিখনৰ প্ৰতি দৰ্শকে আশাব্যঞ্জক সঁহাৰি দিয়ে।

ছবিখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰে এই সন্দৰ্ভত কয়— ‘গুজৰাটৰ বৰোডাত পোন প্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ প্ৰদৰ্শন কৰা হৈছে।ইয়াৰ জৰিয়তে এটা নতুন বাট মুকলি হ’ল। এই প্ৰক্ৰিয়াটো আগবাঢ়িলে পৰৱৰ্তী সময়ত আৰু অধিক অসমীয়া ছবি প্ৰদৰ্শন কৰিব পৰা ব্যৱস্থা হ’ব। লগতে ইয়াৰ জৰিয়তে ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক বিনিময়ৰো বাট মুকলি হ’ব’।

উল্লেখযোগ্য যে কালি বৰোডাৰ চিনেপলিছত অনুষ্ঠিত চলচ্চিত্ৰখনৰ প্ৰদৰ্শনীত গুজৰাট নিবাসী অসমীয়া লোকৰ লগতে আন বহু গুজৰাটী লোকেও ছবিখন উপভোগ কৰে।

চলচ্চিত্ৰখনৰ প্ৰদৰ্শনীৰ আয়োজন কৰাৰ ক্ষেত্ৰত বৰোডাৰ আছাম এছ’চিয়েশ্যনৰ অধ্যক্ষ মমতা মহিলাৰীয়ে সহায়ৰ হাত আগবঢ়োৱা বুলি উল্লেখ কৰে পৰিচালক হিমজ্যোতি তালুকদাৰে।তেওঁ লগতে কয় যে বিভিন্ন কাৰিকৰী- আৰ্থক অসুবিধাৰ বাবে প্ৰতিখন চহৰত এটাকৈ দৰ্শনী অনুষ্ঠিত কৰা হৈছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে যোৱা ১৬ ফেব্ৰুৱাৰিত অসমত চলচ্চিত্ৰখন মুক্তি দিয়া হৈছিল আৰু প্ৰায় চাৰি সপ্তাহধৰি ছবিখন চিত্ৰগৃহত চলিছিল।