কেৰালা ব্লাষ্টাৰত চুক্তিবদ্ধ উত্তৰ-পূবৰ ফুটবলৰ যুৱ চাঞ্চল্য ধীৰাজ মৈৰাংথেম

dheeraj-singh-salil-bera

আগন্তক আই.এছ.এল চিজনত কেৰালা ব্লাষ্টাৰছৰ হালধীয়া জাৰ্চী পিন্ধিবলৈ চুক্তিবন্ধ  হৈছে অনুৰ্ধ -১৭ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা মণিপুৰৰ গলৰক্ষক ধীৰাজ মৈৰাংথেম। দলটোৱে নিজৰ অফিচিয়েল ফেচবুক পেজত ইতিমধ্যে এইকথা সদৰী কৰিছে , ধীৰাজৰ সৈতে আগন্তক চিজনত  একেলগে এটা দলতেই খেলিব ৰাষ্ট্ৰীয় দলৰ ষ্ট্ৰাইকাৰ হলীচৰণ নাৰ্জাৰী আৰু আন এজন অসমীয়া মিডফিল্ডাৰ বিনীত ৰায়।

ধীৰাজে স্কটলেণ্ডৰ মুখ্য লীগ স্কটিছ প্ৰিমিয়াৰ লীগৰ দল মাডাৰৱেল এফ.চিৰ সৈতে তিনিমহীয়া প্ৰশিক্ষণ আৰু বাছনি শিবিৰ সামৰি কেৰালা দলত যোগদান কৰে। গল ডটকমত প্ৰকাশিত এক বাতৰি মতে ধীৰাজৰ গলৰক্ষণ শৈলীত ক্লাৱৰ প্ৰশিক্ষক আৰু নিৰ্বাচক মণ্ডলী বাৰুকৈয়ে অভিভূত হৈ পৰে আৰু ধীৰাজক ক্লাৱৰ হৈ খেলিবৰ বাবে  তিনিবছৰীয়া চুক্তিত স্বাক্ষৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

India Ghana Soccer Under 17 WCUP
উত্তৰ-পূব ফুটবলৰ যুৱ চাঞ্চল্য মণিপুৰৰ ধীৰাজ মৈৰাংথেম। ফাইল ফটো

ধীৰাজৰ প্ৰদৰ্শনত প্ৰভাৱিত হৈ চুক্তিবদ্ধ কৰিব খোজা মাডাৰৱেল এফ.চিৰ আশাত চেঁচা পানী ঢালে স্কটলেণ্ড দেশৰ ৱৰ্ক পাৰ্মিট ব্যৱস্থাৰ আসোঁৱাহ যুক্ত নীতিয়ে। উক্ত নীতি অনুসৰি স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় লীগত খেলিবলৈ ৱৰ্ক পাৰ্মিট পাবলৈ হ’লে খেলুৱৈ এজনে নিজৰ ৰাষ্ট্ৰীয় দলৰ হৈ বিগত দুবছৰত আন্তৰাষ্ট্ৰীয় মেচত নূন্যতম ৭৫% খেলাৰ যোগ্যতা অৰ্জন কৰিব লাগিব আৰু দলৰ ফিফা ৰেংকিং হব লাগিব ৭০ ৰ ভিতৰত।

দমনীয় প্ৰদৰ্শন আগবঢ়ালেও ধীৰাজে উক্ত বেমেজালি পূৰ্ণ মাপকাঠী অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল কিয়নো ১৭ বৰ্ষীয়  ধীৰাজে কেৱল দেশৰ হৈ বয়স গ্ৰুপৰ প্ৰতিযোগিতাত হে অংশ লৈছে আৰু দেশৰ ৰেংকিঙৰ স্থান ৯৭। স্বাভাৱিকতেই বিফল মনোৰথ হৈ স্কটলেণ্ডৰ পৰা ধীৰাজে প্ৰত্যাৱৰ্তন কৰে আৰু কেৰালা দলৰ হৈ খেলিবলৈ মান্তি হয়, ধীৰাজে এতিয়া কঠোৰ পৰিশ্ৰম কৰি অনাগত দিনত বিদেশৰ লীগ খেলাৰ লগতে জাতীয় দলত নিজৰ স্থান নিগাজী কৰিবলৈ বদ্ধপৰিকৰ বুলি সাংবাদিকক জানিবলৈ দিছে। তেঁও  ইংলেণ্ডৰ জাতীয় দলৰ আৰু লিভাৰপুল এফ.চিৰ প্ৰাক্তন গলৰক্ষক আৰু বৰ্তমান কেৰালা ব্লাষ্টাছৰ প্ৰশিক্ষক ডেভিড জেমছৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লবলৈ ভীষণ উৎসাহী বুলি উল্লেখ কৰে। ডেভিড জেমচেও ধীৰাজৰ প্ৰভিভাক বিষ্ময়কৰ আখ্যা দি ধীৰাজক ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰিছে।

ধীৰাজে ইতিমধ্যেই অনূৰ্ধ -১৭ বিশ্বকাপত দুৰ্ধৰ্ষ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, কলম্বিয়া আমেৰিকা আদিৰ দৰে দলৰ ষ্ট্ৰাইকাৰৰ কোবাল শ্বট প্ৰতিহত কৰি বিপক্ষৰ সমীহ বুটলিছিল। ইয়াৰ আগতে ভাৰতৰ দলে উৰুগুৱে আৰু বেলাৰুছ, নৰৱে আদি শক্তিশালী দলৰ বিৰুদ্ধে ধীৰাজৰ প্ৰদৰ্শন আছিল সপ্ৰতিভ।

ধীৰাজৰ প্ৰতিভাৰ অন্যতম চানেকি হৈছে বায়ুত ভাসমান হৈ ড্ৰাইভ কৰি প্ৰতিপক্ষৰ আক্ৰমণ নষ্ট কৰিব পৰা দক্ষতা,ধীৰাজে অতি চতুৰতাৰে ষ্ট্ৰাইকাৰৰ লগত বুজাবুজিৰে প্ৰতি-আক্ৰমণ কৰাতো সিদ্ধহস্ত। ধীৰাজক দেশ-বিদেশৰ অনেক ফুটবল বিশেষজ্ঞই প্ৰতিভাৰ আকৰ স্বৰূপে অভিহিত কৰিছে।

উপৰি উক্ত গুণৰ বাবেই সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তান ধীৰাজ উত্তৰ-পুৱৰ ফুটবলাৰ হোৱাৰ স্বপ্ন দেখা শিশুৰ আদৰ্শত পৰিণত হৈছে। অনাগত সময়ছোৱাত ধীৰাজে কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া বাৰুকৈয়ে লক্ষ্যণীয় হ’ব ।