কে’ পি এল টি (অস্ত্ৰবিৰত) গোটৰ গৃ্হ সচিব চংচাৰ কাথাৰক সকীয়নি আলোচনাবিৰোধীৰ

KPLT

কে’ পি এল টি(অস্ত্ৰবিৰত) গোটৰ গৃ্হ সচিব চংচাৰ কাথাৰে কে’ পি এল টি (আলোচনাবিৰোধী) বুলি কোনো সংগঠন নাই বুলি কৰা দাবীক অসত্য বুলিছে কে’ পি এল টি (আলোচনাবিৰোধী)এ।

কাৰ্বি আংলং জিলাৰ বিভিন্ন সাংবাদিকলৈ ৱাতছ এপযোগে প্ৰেৰণ কৰা এক বিবৃতিত এই কথা জনাইছে সংগঠনটোৱে।

‘তেওঁলোক সক্ৰিয় হৈ আছে’ বুলি দাবী কৰি কে পি এল টি (আলোচনাবিৰোধী) গোটে কৈছে যে নিৰাপত্তাৰক্ষীৰদ্বাৰা অত্যাচাৰিত হোৱা মুকলিত থকা বহুসংখ্যক সদস্যয়ো তেওঁলোকৰ লগত যোগ দিব খুজিছে।

বিবৃতিটোত কাথাৰ অসামাজিক কামত আৰু নিৰাপত্তা বাহিনীৰ সৈতে কে পি এল টি (আলোচনাবিৰোধী) সদস্য ধৰাত জৰিত হৈ আছে বুলি দাবী কৰি সংগঠনটোৱে কয় যে একমাত্ৰ নিজ জাতিৰ মানুহ হোৱা বাবেহে কাথাৰৰ বিৰুদ্ধে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই।

কাথাৰৰ উৎপাতত বহুলোকে ঘৰ এৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি তেওঁলোকে ‘সংগ্ৰামত থাকিব নোৱাৰাসকলে ইয়াৰ বিৰুদ্ধেও কাম কৰিব নালাগে’ বুলি সকীয়নি দিছে।