কোকৰাঝাৰত নৱনিৰ্মিত চি এছ বি কাৰ্যালয় উদ্ধোধন হাগ্ৰামা মহিলাৰীৰ

হাগ্ৰামা মহিলাৰী

বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰ চহৰত নৱনিৰ্মিত বি টি চিৰ চেন্ট্ৰেল চিলেক্সন বোৰ্ড চমুকৈ চি এছ বিৰ কাৰ্যালয় আজি উদ্ধোধন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত তিনি মহলীয়া নৱনিৰ্মিত কাৰ্যালয়টো উদ্ধোধন কৰাৰ পিচতেই বি টি চি সচিবালয় প্ৰাংগণত তথা বডোফানগৰত কৃষি বিভাগে আয়োজন কৰা আন এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত মহিলাাৰীয়ে মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আঁচনিৰ অধীনত (চি এম এছ জি ইও ৱাই) কোকৰাঝাৰ জিলাৰ মুঠ ১৫ টা আত্মসহায়ক গোটক ট্ৰেক্টৰৰ চাবি অৰ্পণ কৰে। অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী, অসমৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী প্ৰমুখ্যে বি টি চিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য উপস্থিত থাকে।

অনুষ্ঠানৰ অন্তত ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু অসমৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিদেশী মুক্ত অসম গঢ়াৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে কৃষি বিভাগৰ দ্বাৰা আয়োজিত ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানৰ পিছতেই কোকৰাঝাৰ দেৱৰগাঁওস্থিত বাথৌ কমপ্লেক্সত অনুষ্ঠিত বি পি এফৰ কাৰ্যনিৰ্বাহক সভা (ই চি) অনুষ্ঠিত হয় য’ত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি  বি পি এফৰ কেন্দ্ৰীয় পৰ্যায়ৰ বহু নেতা উপস্থিত থাকি এন আৰ চি সন্দৰ্ভত আলোচনা কৰে।