NORTHEAST NOW (Assamese)

কোকৰাঝাৰত বৈচাগু উপলক্ষে বাওখুংগ্ৰি পাহাৰ বগালে হাজাৰ হাজাৰ লোকে

April 14, 2018 10:02 pm · ৰিনয় বসুমতাৰী
ফাইল ফটো।

সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰতো ৰাইজে উলহ-মালহেৰে নিয়ম-নীতি আৰু পৰম্পৰাৰ মাজেৰে বহাগ বিহু উদযাপন কৰিছে। কোকৰাঝাৰৰ বড়োসকলৰ মাজত বৈচাগু বুলি আখ্যাত এই বহাগ বিহুৰ বৈশিষ্ট্য তথা ৰং বিচাৰি পোৱা গৈছে খাম, ঝোতা, ছেৰ্জা, চিফুং আৰু জবস্ৰিঙৰ মাতত।

আজি আন আন ঠাইৰ দৰে জিলাখনৰ বিভিন্ন ঠাইত পৰম্পৰা ৰক্ষা কৰি পুৱাতেই গৰু গা ধুৱাই গৰুবিহু উদযাপন কৰা হয়।

আনহাতে বড়ো লোকসকলৰ মাজত পৰম্পৰাগত বাওখুংগ্ৰি পাহাৰ বগোৱা উৎসৱ আৰম্ভ হৈছিল আৰু এই উৎসৱৰ অংশস্বৰূপে বাওখুংগ্ৰি পাহাৰ বগোৱা হাজাৰ হাজাৰ লোক আজি সংক্ৰান্তিৰ আবেলি দিনা তললৈ নামি আহে।

উল্লেখযোগ্য যে এই উৎসৱত ডেকা-গাভৰু, পুৰুষ-মহিলা, জাতি-ধৰ্ম নিৰ্বিশেষে হাতে হাতে খাম, চিফুং আদি বাদ্য লৈ আজি পুৱাতেই বাওখুংগ্ৰি পাহাৰত উঠিছিল।

উৎসৱৰ আনন্দ আৰু উৎসাহত মন নিৰ্মলতাৰে ভৰি পৰা মানুহবোৰে আবেলিটো উপভোগ কৰিছিল অনন্য ধৰণে।

Related News