কোকৰাঝাৰত ‘মহাবীৰ জয়ন্তী’ : ‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে চহৰ পৰিভ্ৰমণ জৈনধৰ্মীৰ
মহাবীৰ জয়ন্তীৰ শোভাযাত্ৰা, গুৱাহাটীত। ইউ বি ফ’ট’জ।
‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰত আজি ২৯ মাৰ্চত দিনজোৰা কাৰ্য্যসূচীৰে পবিত্ৰ মহাবীৰ জয়ন্তী উদযাপন কৰে জৈনধৰ্মীসকলে।
অল ইণ্ডিয়া জৈন মাইনৰিটি ফেডাৰেশ্যন চমুকৈ এ আই জে এফ কোকৰাঝাৰ শাখাৰ উদ্যোগত পালন কৰা হয় মহাবীৰ জয়ন্তী।
কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা জৈন মন্দিৰৰ পৰা আৰম্ভ হোৱা বিশাল শোভাযাত্ৰা পতাকা জোকাৰি উদ্বোধন কৰে এ আই জে এফ কোকৰাঝাৰ শাখাৰ সভাপতি সুনীল আঞ্চাল্যই।
‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰ জে ডি ৰোড , শান্তি নগৰ হৈ ৰাসমেলা পথাৰৰ কাষত থকা টেৰাপান্ট ভৱনলৈ শোভাযাত্ৰাটোৱে চহৰখন পৰিভ্ৰমণ কৰে। গণ সমদলটোত বহু সংখ্যক জৈন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।