NORTHEAST NOW (Assamese)

কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানৰ অন্তর্গত “স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” উন্মোচন

July 27, 2018 9:06 pm · ৰিনয় বসুমতাৰী
Updated: July 27, 2018 10:10 pm
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ চুকে কোণে স্বচ্ছতা , পৰিষ্কাৰ পৰিচন্নতা বজাই ৰখাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান নামৰ এটা অভিলাসী আঁচনি উন্মোচন কৰাৰ পাছত কম বেছি পৰিমাণে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিষ্কাৰ পৰিচন্নতা দেখিবলৈ পোৱা গৈছে। এই অভিযানৰ এটা অংশ হিচাপে ভাৰতৰ গাঁওসমূহক চাফ-চিকুণতাৰ মাজেৰে প্ৰদূষণমুক্ত পৰিবেশ এটা সৃষ্টি কৰাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি ”স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” নামৰ  এটা আঁচনি ৰূপায়ণ কৰিবলৈ হাতত লোৱা হৈছে।

আজি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত মংগলিক অনুষ্ঠানৰ জৰিয়তে কোকৰাঝাৰ জিলাত  ”স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” চমুকৈ “এছএছজি-২০১৮”  অভিযান আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

কোকৰাঝাৰ জিলা পানী যোগান আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনিখন আমন্ত্ৰিত অতিথি সকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে বিটিচিৰ বিভাগীয় কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে।

সমগ্ৰ ভাৰতবৰ্ষত “স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” অভিযান অহা ১ তাৰিখৰ পৰা ৩১ আগষ্টলৈকে চলি থাকিব। আজি কোকৰাঝাৰত উক্ত আঁচনি উন্মোচন কৰি বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে কয় যে স্বচ্ছ ভাৰত মিছনৰ যোগেদি যিমান শৌচালয় নিৰ্মাণ কৰা হ’ব সেই সমূহ “স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” আঁচনিৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব।

ইতিমধ্যে বিটিচিৰ চাৰিখন জিলাৰ ভিতৰত কোকৰাঝাৰ জিলাত লক্ষাধিক শৌচালয়ৰ নিৰ্মাণৰ লক্ষ্য আছিল আৰু তাৰে বেছি ভাগেই নিৰ্মাণ কৰাৰ পাছত বৰ্তমান মাত্ৰ তিনি হাজাৰ মান নিৰ্মাণ হ’বলৈ বাকী বুলি ঘোষণা কৰি চিৰাং জিলাত সফলতাৰে শৌচালয় নিৰ্মাণ কৰা হৈছে দৈমাৰীয়ে বুলি প্ৰকাশ কৰে।

Related News