কোকৰাঝাৰৰ চেৰফাংগুৰিত বনভোজস্থলী উন্মোচন বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

হিল ৰিভাৰ গ্ৰীন ভেলি ইক’ টুৰিজম ডেভলপমেন্ট ছ’ছাইটি নামৰ বে- চৰকাৰী সংস্থাৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত শিয়ালমাৰি ময়নাগুৰি অঞ্চলত এখন বনভোজ স্থলী শুভ উদ্বোধন কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই । উক্ত উদ্বোধনী অনুষ্ঠানত বন মন্ত্ৰী গৰাকীৰ লগত বিপি এফৰ মহিলা নেত্ৰী উমা ৰাণী বসুমতাৰী আৰু বিপিএফৰ দোতমা ব্লকৰ সম্পাদক ধৰণী নাৰ্জাৰী উপস্থিত থাকে। তাৰোপৰি অনুষ্ঠানটোত যুদ্ধ বিৰত এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ কৰ্মকৰতাৰ উপৰিও এবছু আদি দল সংগঠনৰ বহুত নেতৃবৃন্দৰ লগতে স্থানীয় সমাজ সেৱক সকল উপস্থিত থাকে । ছেৰফাংগুৰিৰ শিয়ালমাৰি ময়নাগুৰিস্থ বনভোজস্থলীখন বন মন্ত্ৰী গৰাকীয়ে  উন্মোচন কৰাৰ পিছতেই  স্থানীয় মানুহৰ মাজত আনন্দৰ জোৱাৰ উঠে।
বনভোজস্থলী উন্মোচন কৰি বনমন্ত্ৰী গৰাকীয়ে ভূটানৰ সীমান্তৱৰ্তী অঞ্চলৰ বনাঞ্চল পৰিদৰ্শন কৰে।কোকৰাঝাৰ চহৰৰ পৰা কমেও পঞ্চাশ কিলোমিটাৰ দূৰত্ব সোমাই গৈ ভাৰত – ভূটান সীমান্ত অঞ্চলৰ ফৰেষ্ট ৰাইড নং ১০ ত প্ৰকাণ্ড শাল গছ দেখি আপ্লুত হৈ পৰা বন মন্ত্ৰী গৰাকীয়ে উক্ত গছ সমূহ সংৰক্ষণৰ কৰাটো অতি প্ৰয়োজনীয় বুলি কৈ বি টি চি প্ৰশাসনলৈ উক্ত বনাঞ্চল সংৰক্ষিত কৰিবলৈ আহ্বান কৰে । ইয়াৰোপৰি তেওঁ বনাঞ্চলৰ মাজত চোৰাং কাঠ ব্যৱসায়ী সকলে অবাধে  শাল গছ সমূহ কাটি লৈ যোৱা দেখি দুখ প্ৰকাশ কৰি অতি শীঘ্ৰে কোচুগাঁও বন সংমন্ডলৰ বিষয়াক সংৰক্ষণৰ ব্যৱস্থা কঠোৰ কৰিবলৈ নিৰ্দেশ দিয়া হব বুলি কয় ।