NORTHEAST NOW (Assamese)

কোকৰাঝাৰ ষ্টেইশ্যনৰ পৰা ৯ বছৰীয়া ছোৱালীক উদ্ধাৰ : সঠিক ঠিকনা ক’ব পৰা নাই ছোৱালীজনীয়ে

February 13, 2018 7:12 pm · ৰিনয় বসুমতাৰী
Updated: February 13, 2018 7:17 pm
কোকৰাঝাৰ ৰেইলৱেই ষ্টেইশ্যনত ৰেইলৱেই আৰক্ষীয়ে উদ্ধাৰ কৰা বিনীতা ৰয়।

কোকৰাঝাৰ ৰেইলৱে’ ষ্টেইশ্যনৰ পৰা আজি দুপৰীয়া ৰেইলৱেই আৰক্ষীয়ে (GRPF) এজনী ৯ বছৰীয়া ছোৱালীক উদ্ধাৰ কৰিছে। ছোৱালীজনীয়ে নিজৰ নাম বিনীতা ৰয় আৰু তেওঁৰ দেউতাকৰ নাম স্বৰ্গীয় ধন বাহাদুৰ বুলি কৈছে যদিও সঠিক ঠিকনা ক’ব পৰা নাই। অৱশ্যে ঘৰ চেৰফাংগুৰিত বুলি কৈছে।

সূত্ৰটোৱে জনোৱামতে ছোৱালীজনীক নামনিমুৱা লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰা হৈছে। নিজৰ ঠিকনা সঠিকভাৱে ক’ব নোৱৰা ছোৱালীজনীক ৰেইলৱেই আৰক্ষীৰ পৰা কোকৰাঝাৰৰ চাইল্ডলাইনে চমজি লৈছে আৰু শিশু কল্যাণ সমিতি (CWC) কোকৰাঝাৰৰ আগত হাজিৰ কৰাইছে বুলি সূত্ৰটোৱে জনাইছে।

কোকৰাঝাৰ শিশু কল্যাণ সমিতিয়ে দিয়া নিৰ্দেশৰ ভিত্তিত কোকৰাঝাৰ চাইল্ডলাইনে ছোৱালীজনীক ডেষ্টিনেইশ্যন গাৰ্লছ চেণ্টাৰত অস্থায়ীভাৱে আশ্ৰয় প্ৰদান কৰিব।

 

যিহেতু কম বয়সীয়া ছোৱালীজনীয়ে নিজৰ ঘৰৰ সঠিক ঠিকনা সন্দৰ্ভত স্পষ্ট তথ্য দিব পৰা নাই, চাইল্ডলাইন কোকৰাঝাৰৰ পৰা আহ্বান জনাই কোৱা হৈছে যে যদিহে কোনোবাই ছোৱালীজনীক চিনি পায়, তেন্তে 8486338033  (ৰাকেশ গয়াৰী, কেন্দ্ৰ সমন্বয়ক, চাইললাইন, কোকৰাঝাৰ) নন্বৰত যোগাযোগ কৰে যেন।

Related News