NORTHEAST NOW (Assamese)

‘ক্লিন ইটানগৰ’ শীৰ্ষক স্বচ্ছ অভিযানত অংশগ্ৰহণ অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰৰ

January 23, 2018 8:22 pm · প্ৰণৱ কুমাৰ দাস

প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই ইটানগৰস্থিত ৰাজভৱনৰ বিষয়া তথা কৰ্মচাৰীসকলক লগত লৈ মঙলবাৰে ইটানগৰৰ নিতি বিহাৰত ‘ক্লিন ইটানগৰ’ৰ অধীনত স্বচ্ছ কাৰ্যসূচী ৰূপায়ন কৰে।

স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰা ঠাইৰ লোক সকলৰ লগত ৰাজ্যপালগৰাকীয়ে মত বিনিময় কৰাৰ লগতে সকলো লোককে নিজৰ নিজৰ অঞ্চল সমূহ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে আহ্বান জনায়।

ইয়াৰ উপৰি ইটানগৰৰ বৰ্ষীয়ান লোকসকলে নিজৰ নিজৰ শিশু সকলক ক্লিন ইটানগৰ শীৰ্ষক অভিযানত  অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিবলৈ ৰাজ্যপালগৰাকীয়ে ৱাৰ্ড কাউন্সিলৰ জৰিয়তে আহ্বান জনায়।

আনহাতে ৰাজ্যপালগৰাকীয়ে ইটানগৰৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান তথা দোকানীসকলক নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে স্বচ্ছ কৰি ৰাখিবলৈ অনুৰোধ জনায়।

সচিব জিএ আজিমূল হক আৰু ইন্সপেক্টৰ জেনেৰেল পুলিচ নবিন পায়েং, দিয়া দাছা আত্মসহায়ক গোটৰ সদস্যা, বিষয়া কৰ্মচাৰীৰ লগতে ইটানগৰ পৌৰ নিগমৰ শ্ৰমিকসকলৰ লগতে ৱাৰ্ড কাউন্সিলৰ দৈনিক টায়ু আৰু বিভিন্ন লোক ৰাজ্যপাল বি ডি মিশ্ৰৰ সৈতে স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰিছিল।

Related News