• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ক্ষমা খোজাৰ পৰিৱৰ্তে নিজৰ বিতৰ্কিত মন্তব্যক পুনৰ শুদ্ধ বুলি কোৱাৰ চেষ্টা এইচ্ছ টি চাংলিয়ানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 10:53 pm
dr-ht-sangliana-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্ভয়াৰ মাকৰ দৈহিক গঠন সম্পৰ্কত আপত্তিকৰ মন্তব্য দি বিতৰ্কত সোমাই পৰাৰ পিছত কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এইচ্ছ টি চাংলিয়ানে নিজৰ উক্ত মন্তব্যক পুনৰ শুদ্ধ বুলি কোৱাৰ চেষ্টা কৰা দেখা গ’ল। তেওঁ ইয়াক তেওঁৰ এটা অভিমত বুলি দাবী কৰিছে।

উল্লেখযোগ্য যে যোৱা সপ্তাহত বাংগালুৰুত মহিলাসকলক সন্মান যাচিবলৈ অনুষ্ঠিত এখন সভাত মহিলা চাংলিয়ানে কৈছিল যে তেওঁ নিৰ্ভয়াৰ মাকৰ চেহেৰা দেখিছে। তেওঁৰ শাৰীৰিক গঠন বৰ ধুনীয়া। ‘মই নিৰ্ভয়াৰ মাকৰ চেহেৰা দেখিছো। তেওঁৰ ইমান ধুনীয়া দৈহিক গঠন। মই মাথো কল্পনাহে কৰিব পাৰো যে নিৰ্ভয়া কিমান ধুনীয়া হ’ব পাৰে।’ এইদৰে মত প্ৰকাশ কৰিছিল প্ৰাক্তন আৰক্ষী বিষয়াজনে।

তেওঁৰ এই মন্তব্য সমাজৰ বিভিন্ন অংশৰ পৰা তীব্ৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজহুৱা সভাত এই গৰ্হিত মন্তব্য দিয়াৰ পিছতে চাংলিয়ান মহিলাসকলক পৰামৰ্শ দি কৈছিল, ‘যদি তোমাক কাবু কৰা হৈছে, তেন্তে তুমি আত্মসমৰ্পণ কৰা উচিত আৰু পিছত তাৰ ব্যৱস্থা ল’ব লাগে। এইদৰে আমি নিৰাপদ হ’ব পাৰিম আৰু জীৱন বচাব পাৰিম।’

প্ৰাক্তন বিষয়াজনৰ এই মন্তব্য দুটাই ব্যাপক সমালোচনাৰ বাট মুকলি কৰিছিল। ছ’চিয়েল মিডিয়াত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজনক সমালোচনাৰে থকাসৰকা কৰা হয়।

উল্লেখযোগ্য যে চাংলিয়ান হ’ল মিজোৰামৰ লোক। উত্তৰ বাংগালুৰুৰ পৰা এবাৰ বিজেপিৰ হৈ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰাক্তন বিষয়াজনে যেতিয়া নিৰ্ভয়াৰ মাকৰ দৈহিক গঠন সম্পৰ্কীয় মন্তব্যটো কৰিছিল তেতিয়া তেওঁ নিৰ্ভয়াৰ মাক আশা দেৱীৰ সৈতে একেখন মঞ্চতে অৱস্থান গ্ৰহণ কৰিছিল।

তেওঁৰ উক্ত মন্তব্যক বিভিন্ন বৌদ্ধিক মহলৰ পৰা সমালোচিত হোৱাৰ বিপৰীতে নিৰ্ভয়াৰ মাক আশা দেৱীয়ে কয় যে এই মন্তব্যকেইটাই দেখুৱাই দিছে তেওঁৰ জীয়েকৰ গণ-ধৰ্ষণ আৰু মৰ্মান্তিক মৃত্যুৰ ছবছৰ পিছতো কিয় সমাজখনৰ একোৱে সলনি হোৱা নাই।

উল্লেখযোগ্য যে যোৱা ২০১২ চনত এখন বাছত হোৱা গণধৰ্ষণ আৰু ভাবিব নোৱৰা ধৰণৰ অত্যাচাৰত ২৩ বছৰীয়া নিৰ্ভয়াৰ মৃত্যু হৈছিল।

‘তেওঁ মোৰ বিষয়ে যি ধৰণে মন্তব্য কৰিছে, ইয়ে প্ৰমাণ কৰে যে আমাৰ সমাজৰ বিচাৰধাৰা এতিয়াও সলনি হোৱা নাই।’ আশা দেৱীয়ে কয়।

আনহাতে চাংলিয়ানক সমালোচনা কৰাসকলৰ বেছিভাগেই তেওঁক মানসিক ভাৰসাম্য হেৰোৱা লোক বুলি কয়। লগতে তেওঁলোকে কয় যে এইটো অপমানজনক আৰু তেওঁ ক্ষমা বিচাৰিব লাগে।

তাৰ বিপৰীতে চাংলিয়ানে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি কয়, ‘মই কোনো স্পষ্টীকৰণ দিয়াৰ দৰকাৰ পৰা নাই। মন্তব্য উঠাই ল’ব লগীয়াও নাই। মই যি কৈছো, সেয়ে।’ তেওঁ নিজৰ মন্তব্যক এটা মত প্ৰকাশ বুলি কয় আৰু ইয়াত কোনো অসৎ অভিপ্ৰায় নাই বুলি কয়।

‘মই মোৰ মন্তব্যক সীমাৰ ভিতৰতে থকা বুলি ভাবো। এইটো ভালভাৱে ল’ব লাগে। ইয়াক যদি কোনোবাই ভুলকৈ বুজিছে, তেওঁলোকৰ বাবে মই দুঃখিত।’ এইদৰে কয় প্ৰাক্তন আৰক্ষী বিষয়াজনে। তেওঁ ধৰ্ষণৰ বাবে সমৰ্পণ কৰিবলৈ দিয়া পৰামৰ্শক ন্যায্যতা দি কয় যে এইটো মহিলাসকলৰ নিৰাপত্তাৰ বাবেহে।

মন কৰিব লগীয়া যে চাংলিয়ান সদায়ে বিতৰ্কত থাকি ভাল পোৱা ব্যক্তি হিচাপে পৰিচিত। তেওঁক ২০০৮ চনত লোকসভাত আমেৰিকাৰ সৈতে হোৱা অসামৰিক পাৰমাণৱিক চুক্তিৰ বিষয়ত তদানীন্তন য়ু পি এ চৰকাৰৰ সপক্ষে ভোট দিয়াৰ বাবে বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। পিছত তেওঁ কংগ্ৰেছত যোগদান কৰিছিল। ২০০৯ চনত তেওঁ বাংগালোৰ কেন্দ্ৰীয় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল।

উল্লেখযোগ্য যে মিজোৰামৰ পৰা যোৱা চাংলিয়ানৰ কৰ্ণাটকত বেচ জনপ্ৰিয়তা আছে। সৎ আৰু নিকা ভাবমূৰ্তিৰ আৰক্ষী বিষয়া হিচাপে তেওঁৰ নাম আছে। তেওঁৰ বিষয়ে তিনিখনকৈ চিনেমাও নিৰ্মিত হৈছে। এছ পি চাংলিয়ানা নামৰ কানাড়া চিনেমাখনত তেওঁক ক্ষমতাশালী আৰক্ষী বিষয়া হিচাপে দেখুওৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd