ক্ষুব্ধ পৰেশ বৰুৱা : নীপকোক শুদাই এৰা নহ’ব

আগতীয়াকৈ জিলা প্ৰশাসনক খবৰ নিদিয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দি যোৱা কেইদনিত গোলাঘাটত এক প্ৰকাৰৰ জলপ্ৰলয় সৃষ্টি কৰা তথা ৰাইজৰ অপূৰণীয় ক্ষতি কৰা নীপকোক চৰম সকীয়নি দিছে আলফা (স্বাঃ)ৰ সেনাধিনায়ক পৰেশ বৰুৱাই।

“পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ ফোন কৰি জনায় যে পূৰ্বে নীপকোক কেইবাবাৰো সকীয়াই দিয়া হৈছিল। কিন্তু একাংশৰ আহ্বানত ৰেহাই দিয়াও হৈছিল। কিন্তু এইবাৰ ৰেহাই দিয়া নহয়। এইবাৰ অসমৰ ৰাইজৰ জীৱনক লৈ হেতালি খেলিলে চৰম শাস্তিৰ মুখামুখি হ’ব লাগিব।” এইদৰে কয় আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনে।

উল্লেখযোগ্য যে নীপকোৰ এনে অবিবেচকী কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ গোলাঘাটবাসী ক্ষোভত ফাটি পৰিছে। এই বিধ্বংসী বান আৰু বানে সৃষ্টি কৰা মানুহৰ জীৱন-সম্পদৰ বিস্তৰ ক্ষতিৰ বাবে দায়ী কৰি নীপকো আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই।

আনহাতে আজি নীপকোৰ এনে অবিবেচক কাণ্ডৰ ফলত হোৱা জলপ্ৰলয়ত ভুক্তভোগী গোলাঘাটৰ ৰাইজে আজি গোলাঘাট আৰক্ষী থানাত উপস্থিত হৈ নীপকোৰ বিষয়াসকলক গ্ৰেপ্তাৰৰ প্ৰৱল দাবী তোলে।