NORTHEAST NOW (Assamese)

ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছালৈ ক্ৰীড়া সূৰ্যৰত্ন বঁটা

April 13, 2018 7:34 am · এন ই নাও নিউজ
Updated: April 13, 2018 9:46 am
বিষ্ণুৰাম নুনিছাক বঁটা প্ৰদান কৰা মূহুৰ্তত বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্য

অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে স্বীকৃতি লাভ কৰিছে ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছাই। পৰম্পৰাগত খেল ছেপাকটাক্ৰ’ৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছাক ক্ৰীড়া সূৰ্যৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে।

মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটীয়ে যোৱা ৮ এপ্ৰিলত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ক্ৰীড়া সংগঠকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যই।

বঁটা প্ৰদান অনুষ্ঠানত অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ গড়কাপ্টানি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ চক্ৰৱৰ্তী, অভিনেতা দীনেশ দাস আৰু প্ৰাগ চেনেলৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ন উপস্থিত থাকে।

উল্লেখ্য যে বিষ্ণুৰান নুনিছাই বহু আগৰে পৰা ছেপাকটাক্ৰ’ৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰি অহাৰ লগতে সংগঠক হিচাপে সমাজত সুনাম অৰ্জন কৰে। ইয়াৰ লগতে নুনিছাই অসম ক্ৰিকেট সন্থাৰো যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শেহতীয়াকৈ মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটীয়ে আগবঢ়োৱা ক্ৰীড়া সূৰ্যৰত্ন বঁটা ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছাৰ কেৰিয়াৰৰ আন এক সফলতা।

Related News