NORTHEAST NOW (Assamese)

কৰুণানিধিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্য মন্ত্ৰী সোণোৱালৰ

August 7, 2018 10:59 pm · এন ই নাও নিউজ

তামিলনাডুৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এম কৰুণানিধিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এক শোক বাৰ্তাত মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰয়াত কৰুণানিধিয়ে ৫ বাৰকৈ তামিলনাডুৰ মুখ্য মন্ত্ৰীৰ পদত অধিস্থিত হৈ ৰাজ্যখনলৈ যি বৰঙনি আগবঢ়াই গ’ল সেয়া সদায়ে স্মৰণীয় হৈ ৰ’ব।

বহুমুখী প্ৰতিভাৰ এই তামিল ৰাজনীতিক গৰাকীয়ে তামিল কথাছবিৰ লগতে সাহিত্য জগতটো বিপুল অৰিহণা আগবঢ়াই গৈছে।

মুখ্য মন্ত্ৰীয়ে প্ৰয়াত কৰুণানিধিৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱনাৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related News