• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খচৰা নাগা চুক্তিৰ ব্যাপক প্ৰতিবাদ হাফলঙত, আৰ এছ এছ নেতাক গ্ৰেপ্তাৰৰ দাবী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 22, 2018 6:17 pm
আৰ এছ এছ নেতাৰ খচৰা নাগা চুক্তিৰ প্ৰতিবাদ হাফলঙত

আৰ এছ এছ নেতাৰ খচৰা নাগা চুক্তিৰ প্ৰতিবাদ হাফলঙত

181
VIEWS
Share on FacebookShare on Twitter

আৰএছএছ নেতা জগদম্বা মালে প্ৰকাশ কৰা খচৰা নাগা চুক্তিক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলা। খচৰা চুক্তিৰ প্ৰতিবাদত ডিমা হাচাওৰ বিভিন্ন দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদে আজি হাফলঙৰ ৰাজপথ কঁপাই তোলে।

আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি ডিমাচা ছাত্ৰ ইউনিয়নৰ সভাপতি সিদুত নাইডিঙে কয় যে, ‘যদি আৰএছএছ নেতা জগদম্বা মালে কৰা মন্তব্য সঁচা নহয় তেতিয়াহ’লে আৰএছএছৰ ফালৰ পৰা কিয় এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই? কিয় নিমাত চৰকাৰ?’

নাইডিঙে লগতে কয় নাগালিম ইছ্যুক লৈ চৰকাৰৰ ষড়যন্ত্ৰ কেতিয়াও মানি লোৱা নহ’ব। তেওঁ কয় যে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ২৪ জানুৱাৰীৰ ভিতৰত বিষয়টোৰ ওপৰত লিখিত স্পষ্টীকৰণ নিদিলে ২৫ জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে ডিমা-হাচাও বন্ধ ঘোষণা কৰা হ’ব।

হাফলঙৰ লালফিল্ডৰ পৰা ওলাই সমদলটো উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয়। কাৰ্য্যালয়ৰপৰা ওলাই আহি প্ৰতিবাদী ৰাইজৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ উপায়ুক্তই অস্বীকাৰ কৰাত প্ৰতিবাদী ৰাইজে উপায়ুক্ত কাৰ্য্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে আৰ এছ এছ নেতা জগদম্বা মালক গ্ৰেপ্তাৰৰ দাবী তুলি আৰ এছ এছ গ’ বেক ধ্বনি দিয়ে।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন চিইএম দেপ’লাল হোজাই আৰু অগপ নেতা তথা প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচাৰ উপৰি বিভিন্ন সামাজিক সংগঠন আৰু সাধাৰণ ৰাইজেও আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।

আনহাতে স্বায়ত্তশাসিত পৰিষদৰ চিইএম, বিজেপি নেতা দেবলাল গাৰ্লচায় চৰকাৰৰ ওপৰত তেওঁৰ বিশ্বাস আছে বুলি উল্লেখ কৰি কয় যে ডিমাহাচাও কেতিয়াও নাগালিমত অন্তৰ্ভুক্ত নহয়।

অৱশ্যে আৰএছএছ নেতা জগদম্বা মালে এনেদৰে খচৰা প্ৰকাশ কৰা ঠিক হোৱা নাই বুলি উল্লেখ কৰি চিইএমজনে কয় যে বিৰোধী ৰাজনৈতিক দলসমূহে ৰাইজৰ সহানুভুতি লাভ কৰাৰ লক্ষ্যৰে এই ষড়যন্ত্ৰ কৰিছে আৰু সেয়ে অগপ নেতা প্ৰকান্ত ৱাৰিচা, কংগ্ৰেছ নেতা দেপ’লাল হোজাই আদিয়ে সমদলত অংশ লৈছে।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd