• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 11, 2025 7:42 pm
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৌৰৱ গগৈৰ ঘৈনীয়েক এলাজাবেথে এসময়ত আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এটাৰহৈ পাকিস্তানত কিছুদিন চাকৰি কৰিছিল।তাৰ বাবেই গৌৰৱ গগৈক পাকিস্তানী এজেন্ট বুলি কৈ অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত এটা ডাঙৰ হুলস্থূল লগাইছিল।সকলোৱে কৈছিল গৌৰৱ গগৈ যদি পাকিস্তানৰ এজেন্ট সেইটো গাই বাই থকাতকৈ তেওঁৰ বিৰুদ্ধে তোমালোকে ব‍্যৱস্থা নোলোৱা কিয়? তেতিয়া হিমন্তবিশ্ব চৰকাৰে এটা এচ আই টি গঠন কৰিছিল। কালি দহ চেপ্তেম্বৰৰ দিনা এচ আই টিয়ে প্ৰতিবেদন দিয়াৰ কথা আছিল। আৰু তাৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে চৰকাৰে ব‍্যৱস্থা ল’ব বুলি ইমান দিনে মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু তেওঁৰ সাঙ্গোপাংগো সকলে প্ৰচাৰ কৰি আছিল।আমিও অধিৰ আগ্ৰহেৰে ৰৈ আছিলোঁ হিমন্তবিশ্ব শৰ্মাৰ অসম আৰক্ষীৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অনা মহা অভিযোগৰ বিষয়ে জানিবলৈ।

কালি এসময়ত কোৱা হ’ল যে এচ আই টি প্ৰতিবেদন সন্ধিয়া ৬ বজাত মুখ‍্যমন্ত্ৰীক দিয়া হ’ব। আমিও ভাবিলোঁ- ইমান মাহ ৰৈছোঁ যিহেতু আৰু কেই ঘন্টামান নৰওঁ কিয়? গতিকে ৬ বজাৰ আগলৈকে এই বিষয়ে মই একো নোকোৱাৰ সিদ্ধান্ত ল’লো।কিন্তু ইতিমধ‍্য মুখ‍্যমন্ত্ৰীৰ কথাৰ সুৰ সলনি হ’বলৈ ধৰিলে। হিমন্তবিশ্ব শৰ্মাই কালি কি কৈছিল শুনকচোন।এতিয়া যে আপুনি কৈছে এচ আই টিৰ প্ৰতিবেদনত কিবা আপত্তিজনক কথা থাকিলেহে তাক বিচাৰ কৰি চৰকাৰে ব‍্যৱস্থা গ্ৰহণ কৰিব। একো নাপালে এই অনুসন্ধানটো ইয়াতেই বন্ধ কৰা হ’ব। আৰু কি কৈছে? শুনক। এইবোৰ কথা আপুনি আগতে নকলে কিয়? আপুনি দেখোন নিজেই টকশ্বো কৰিবলৈ কয়। আৰু আপোনাৰ পদত‍্যাগৰ কি হ’ল? ৰাজনীতি ত‍্যাগ কৰাৰ কি হ’ল?

Apply Now


এতিয়া আমি কি কৰিম? অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যে প্ৰায়ে এনে ধৰণৰ কথা কয় সেইটো আমি দেখি আছোঁ।কিন্তু আমি কি কৰিম? আমি তেখেতে কোৱা কথা গুৰুত্ব সহকাৰে ল’ম নে অৱজ্ঞা কৰিম? হিমন্তবিশ্ব শৰ্মা যদি অসমৰ মুখ‍্যমন্ত্ৰী নহ’লহেঁতেন আমি তেওঁৰ কথা অৱজ্ঞা কৰিলোহেঁতেন।তাত কোনো গুৰুত্ব নিদিলোহেঁতেন।কিন্তু তেওঁ হ’ল অসমৰ মুখ‍্যমন্ত্ৰী।হয়, তেওঁৰ মতামতৰ লগত যদি অসম চৰকাৰৰ প্ৰশাসন যন্ত্ৰৰ কোনো সম্পৰ্ক নাথাকিলহেঁতেন আমি তাত কোনো গুৰুত্ব নিদিলোহেঁতেন। কিন্তু তেওঁৰ মতামত কেৱল ব‍্যক্তিগত মতামত নহয়।তাৰ লগত চৰকাৰৰ সম্পৰ্ক আছে। তাৰ লগত চৰকাৰী টকা পইছা আৰু চৰকাৰী কৰ্মচাৰীৰৰ সময় খৰচৰ কথা আছে, য’ত আমাৰ সকলোৰে এটা অংশ আছে। চৰকাৰখন চলাইছে হিমন্তবিশ্ব শৰ্মাই। কিন্তু চৰকাৰখন তেওঁৰ নিজৰ ব‍্যক্তিগত সম্পত্তি নহয়।তাত আমাৰ সকলোৰে ভাগ আছে। গতিকে অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা এই অপপ্ৰচাৰ সন্দৰ্ভত আমি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম?

ভাৰতীয় জনতা পাৰ্টিৰ এটা চৰিত্ৰ হ’ল সঁচাক মিছা আৰু মিছাক সঁচা কৰা।তেওঁলোকে মিছা কথা ক’বলৈ, অপপ্ৰচাৰ চলাবলৈ এক বিন্দুও কুন্ঠাবোধ নকৰে।আমাৰ সমস‍্যা হৈছে – তেওঁলোকে দুনীয়াৰ মিছা কথাবোৰ ক’ব, দুনীয়াৰ অপপ্ৰচাৰ চলাব আৰু আমি সেই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকিম। প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও তেওঁলোকে লাই পাই যাব। আৰু এটা কথা আমি লক্ষ‍্য কৰিছোঁ। কি কৰে-তেওঁলোকৰ নেতা এজনে গোকাট মিছা কথা এটা কয়। তাৰপিছত তেওঁলোকৰ সমৰ্থক সকলে তাকেলৈ ৰাউচি জোৰে।যেতিয়া কথাটো মিছা বুলি প্ৰমাণিত হয় তেতিয়াও কিন্তু তেওঁলোকে তাকলৈ কোনো অনশোচনা নকৰে। কেৱল কেইদিনমান তাপমাৰি থাকে। ই আচলতে কি বুজায়? ই এইটোকে বুজায় যে তেওঁলোকৰ কোনো আত্মমৰ্যাদা আৰু আত্মসন্মানবোধ নাই।তেওঁলোক তেওঁলোকৰ নেতাবোৰৰ হাতৰ পুতলা মাথোঁ। কিন্তু এনে অপপ্ৰচাৰ আৰু মিথ‍্যাচাৰৰ প্ৰতি স্বাধীন নাগৰিক এজনে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত? ৰাজ‍্য প্ৰশাসনৰ মুৰব্বী এজনে বা সাংবিধানিক পদবীত থকা যি কোনো গুৰুত্বপূৰ্ণ লোক এজনে যেতিয়া এনে মিথ‍্যাচাৰ আৰু কাণজ্ঞানহীন মন্তব‍্য দিয়ে তেওঁ কেৱল তেওঁৰ পদমৰ্যাদাৰে হানি নকৰে নাগৰিক হিচাপে তেওঁ আমাকো অপমান কৰে, অসন্মান কৰে।সেইকাৰণেই আমি এনে মিথ‍্যাচাৰ আৰু অপপ্ৰচাৰৰ ৰাজহুৱাকৈ বিৰোধিতা কৰিব লাগে। তাৰ নিন্দা কৰিব লাগে। কংগ্ৰেছ বা বিৰোধী ৰাজনৈতিক দলবোৰে এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইটো তেওঁলোকৰ নিজৰ কথা। কিন্তু আমি নাগৰিক সকলে এই ধৰণৰ অপপ্ৰচাৰ সহজভাবে লোৱা অনুচিত। সাংবিধানিক পদবীত থকা লোকৰ এই আচৰণ অৱেশ‍্যেই আমাৰ সময়ৰ এক পৰিহাস।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd